কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

author-image
asomiyapratidin
New Update
কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

ৰঞ্জিত পাটগিৰি

Advertisment

এদিন মোৰ মৃত্যুৰ বাতৰিও
কোনো কনিষ্ঠ সাংবাদিকে পৰিৱেশন কৰিব
যিদৰে আজি কৰি আছো
লক্ষ্মীনন্দন বৰা অথবা অতুলানন্দ গোস্বামী।

পুৱা মোৰ ছয় বজাত মৃত্যু হৈছে বুলি প্ৰচাৰ হ'লেও কোনোবাই ক'ব
সাংবাদিক যে, আচলতে আঠ বজাতহে
বাকীবোৰ ব্ৰেকিং,ফাৰ্ষ্ট নিউজ।

সাংবাদিকৰ মৃত্যু হ'লে ৰজা ঘৰত কি শোকৰ ছাঁ পৰে?
বৰ বেছি নিয়মাফিক শোক প্ৰস্তাৱ দিয়ে
বৰ বেছি প্ৰেছ ক্লাবলৈ এবাৰ নশ্বৰ দেহ নিয়ে
বৰ বেছি কি
আনুষ্ঠানিকতাৰ নামত দুই-এখন শোক সভা
স্মৃতিচাৰণ কৰিবলৈ য'ত শূণ্য চকী।

জুম বান্ধি ফুচফুচাই আলোচনা কৰিব
নাপাতিবলগীয়া বহু কথা
তিনিটা ফ্লেট,হাউছিঙৰ প্ৰসংগ
কিছুৱে ক'ব চন্দ্ৰপ্ৰসাদ-বৰগোহাঞি-শিৱনাথ বৰ্মনৰ আদৰ্শ।

সাংবাদিকৰ মৃত্যু মানেই
বহুতৰ বাবে জঞ্জাল আঁতৰা
সাংবাদিকৰ মৃত্যু মানেই
বহুতৰ বাবে সমাজৰ অপদাৰ্থ নোহোৱা হোৱা।

মনে মনে সবেই ক'ব
ভালেই হৈছে
ভালেই হৈছে
সাংবাদিকবোৰ মৰাৰে যোগ্য।

নাৰদৰ পৰা নেটিজেনলৈকে
সাংবাদিক মানেই যেন
কোলাহল-কন্দল-কূটনীতি।

নেট অন কৰিলেই ফেচবুকত নটিফিকেশন
সাংবাদিকৰ বিৰুদ্ধে সাধাৰণ জনতাৰ কত কিমান যে অবজেকচন।

সাংবাদিক মানেই বিসংগতি-বেমেজালি
সাংবাদিক মানেই
বিতৰ্ক-বহুৱালী
অথচ সঁচা সাংবাদিকেহে জানে
নিজ সংসাৰত কিমান

বিষাদৰ বা-মাৰলি,
মৃত্যুতকৈ এনেদৰে জী থকাটো সবতকৈ বলিয়ালী

আৰু পঢ়ক:কবিতা ৫/ ঐন্দ্ৰজালিক

assam poem