কবিতা ৫/ ঐন্দ্ৰজালিক

কবিতা ৫/ ঐন্দ্ৰজালিক

author-image
asomiyapratidin
New Update
কবিতা/২৯  এজন আধুনিক ৰজা

প্ৰহেলিকা কৌশিক

শান্তিৰ নিলয় হেনো সিপাৰে আছে
পাৰ্থিৱ মায়াময় যন্ত্ৰণাৰ শেষ সেই ঠাই
মুক্ত বিহংগৰ দৰে সময় অতিবাহিত হয় তাত
কিংবদন্তীয়ে কয়

Advertisment

ইপাৰে বাঢ়িছে ভিৰ
অজ্ঞানতা আৰু অসূয়াৰ
অবিচাৰ,অবিবেকীৰ পক্ষাঘাত
উজাই বৈছে মাথোঁ উজাই বৈছে
লক্ষ্যভ্ৰষ্ট পথিক হাবাথুৰি খাইছে

নিজক সষ্টম কৰি
মন মগজুক জগাব খোজোতেই
ফেঁচাৰ কুৰুলিয়ে কঁপাই যায় সময়
নিৰ্মল,নিষ্পাপ দেহ এটি নিথৰ হোৱাৰ খবৰ
ঔম শান্তি অপাৰ্থিৱ যাত্ৰাৰ পথিক

ঐন্দ্ৰজালিকাৰে আবৃত জীৱন
মায়া-মোহ আৰু উদাসীনতাৰ তুলাচনীত
মায়া-মোহৰ ওজন বহুত বেছি
সেয়ে বাস্তৱ সত্য হ'লেও
বাস্তৱ ৰূঢ় হৈ থিয় দিয়ে
অবুজ লতা এডালে মেৰিয়াই ধৰে
দুৰু দুৰু কলিজাত উশাহৰ ধপধপনি উঠে।

আৰু পঢ়ক:কবিতা/৪   প্ৰজাশান্তি ৰ'দৰ মাত

assam poem