ডিজিটেল সংবাদ, নাৰায়ণপুৰ: অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিত্বম দ্বি-বাৰ্ষিক নাৰায়ণপুৰ অধিৱেশনকলৈ চলি থকা বিতৰ্কৰ মাজতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদ। অধিৱেশনকলৈ দুবাৰকৈ সভা পাতি উদযাপন সমিতি গঠন কৰাৰ পিছতে সোমবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱত সংবাদমেল পাতি বিধায়ক অমিয় কুমাৰ ভূঞা আৰু সাহিত্য সভাৰ বিৰুদ্ধে গৰজি উঠিছে আছুৰ উত্তৰ লখিমপুৰ মহকুমা সমিতিৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়া আঞ্চলিক সমিতি আৰু মাধৱদেৱ বিশ্ববিদ্যালয় আছু গোট ।
আজি নাৰায়ণপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলৰ জৰিয়তে অসম সাহিত্য সভাৰ ধেমাজি অধিবেশনৰ হিচাপ দাখিল নকৰা বুলি ড০ অমিয় কুমাৰ ভূঞাৰ ওপৰত উত্থাপিত হৈ থকা অভিযোগৰ স্পষ্টীকৰণ বিচাৰিলে অসম সাহিত্য সভাৰ পৰা। আনহাতে পূৰ্বৰ সভাখনক একপ্ৰকাৰ নস্যাৎ কৰি দ্বিতীয়বাৰৰ বাবে আন এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আদৰণি সমিতি গঠন কৰাক লৈ বিহপুৰীয়াৰ বিধায়ক ড০ অমীয় কুমাৰ ভূঞাই ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰি কোনো কাৰণতে এয়া হ'বলৈ দিয়া নহব বুলি সকীয়াই দিয়ে আছুৰ নেতৃত্বই ।
সংবাদমেল খনত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা, উপ-সভাপতি ক্ষীৰোদ দুৱৰা, সাধাৰণ সম্পাদক কৃষ্ণজ্যোতি হাজৰিকাৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়া আঞ্চলিক সমিতি আৰু মাধৱদেৱ বিশ্ববিদ্যালয় আছু গোটৰ নেতৃবৃন্দ উপস্থিত থাকে । আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত আছুৰ সমান্তৰালকৈ গৰজি উঠিছে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে অসম সাহিত্য সভাক লৈ এনেদৰে ৰাজনীতি কৰণ কৰিলে তেওঁলোকো হাত সাৱতি বহি নাথাকিব বুলি সজোৰে ঘোষণা কৰে ।
প্ৰয়োজন হ'লে যুদ্ধ তীব্ৰতৰ কৰা হ'ব বুলি সকীয়াই দিয়ে নেতা গৰাকীয়ে । উল্লেখ্য যে, অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ বাবে ইতিপূৰ্বে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰথম খন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে গঠন কৰা আদৰণি সমিতিৰ পৰা বাদ পৰিল নিৰ্বাচিত দুগৰাকী যুটীয়া সম্পাদক ৷ ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ বাবে যোৱা ১৯ চেপ্তেম্বৰত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছিল প্ৰতিনিধিত্বমূলক এখন বিশাল ৰাজহুৱা সভা ৷ য'ত উপস্থিত আছিল অসম সাহিত্যসভাৰ দুগৰাকীকৈ পৰ্যবেক্ষকৰ লগতে জিলাখনৰ বিভিন্ন শাখাৰ যথেষ্ট সংখ্যক বিষয়ববীয়া ৷
সেই সভাতে সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছিল এখন আদৰণি সমিতি৷ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক সভাপতি, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকা আৰু নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াক কাৰ্যকৰী সভাপতি, মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ঈশ্বৰ শৰ্মা ভড়ালী আৰু নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সম্পাদক উপেন হাজৰিকাক নিৰ্বাচিত কৰা হৈছিল যুটীয়া সম্পাদক হিচাপে ৷
উক্ত সমিতিখন অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই জনাইছিল অনুমোদন ৷ তাৰ পিছতো আজি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন আদৰণি সমিতি গঠনৰ সভাত অসম সাহিত্য সভাৰ অনুমোদনৰ সিদ্ধান্তক নস্যাৎ কৰি পূৰ্বৰ দুয়োগৰাকী যুটীয়া সম্পাদকক সমিতিৰ পৰা বাহিৰ কৰি দিয়ে । আৰু সেই স্থানত নতুনকৈ অন্তৰ্ভুক্ত কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অগপৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি মাখন তামুলীক ।
এই ঘটনাই সভাস্থলীত উপস্থিতি থকা লোক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । আনহাতে, সভাত উপস্থিত থাকি লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত সদৰি কৰি সভাত প্ৰশ্ন উত্থাপন কৰিছিল যে ইতিপূৰ্বে গঠন কৰা আদৰণি সমিতি খনক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই অনুমোদন জনোৱাৰ পিছতো পুনৰ আন এখন সভা অনুষ্ঠিত কৰি আদৰণি সমিতিৰ সালসলনি কেনেকৈ সম্ভৱ হ'ল ।এতিয়া প্ৰশ্ন হয় আছু আৰু অসম জাতীয় পৰিষদৰ বিৰোধিতাৰ পিছত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সন্দৰ্ভত সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰিব?