সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ অসম সাহিত্য সভাৰ

সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ অসম সাহিত্য সভাৰ

author-image
asomiyapratidin
New Update
সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ অসম সাহিত্য সভাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। এক শোক বাৰ্তাত সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে প্ৰয়াত ভট্টাচাৰ্যৰ জীৱন আৰু কৰ্ম অক্ষয় চিহ্ন হৈ জিলিকি ৰ'ব।

বড়ো ভাষাৰ উত্তৰণত তেওঁৰ অৱদান অতুলনীয় বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে। তেওঁ আৰু কয় যে উত্তৰ পুৰুষে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া ভাষাক আৰু অধিক আগুৱাই লৈ গ'লেহে সপোন সাৰ্থক হ'ব বিশিষ্ট সাহিত্যিকগৰাকীৰ।

বৰেণ্য ভাষাবিদগৰাকীৰ বিয়োগ অসমৰ বৌদ্ধিক, সামাজিক তথা জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি হিচাপেও অভিহিত কৰে সভাপতিগৰাকীয়ে। শোকবাৰ্তাত শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।