/asomiyapratidin/media/media_files/2025/01/24/Z2IbdLRYmitRZslDDjYS.jpg)
সদৌ অসম কবি সন্মিলনৰ ২০২৫-২০২৭ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন Photograph: (সদৌ অসম কবি সন্মিলনৰ ২০২৫-২০২৭ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ সদৌ অসম কবি সন্মিলনৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা বিষয়ক লৈ যোৱা ১৯ জানুৱাৰী তাৰিখে বোকাখাত নগৰস্থিত ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্য্যপূৰ্ণ বিষয় বাছনি সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে বোকাখাত মহকুমা কবি সন্মিলনৰ আতিথ্যত আয়োজন কৰা উক্ত বিষয় বাছনি সভাৰ সভাপতিত্ব কৰে সদৌ অসম কবি সন্মিলনৰ বিদায়ী সভাপতি বংশী বৰাই।
অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক কবিৰ উপস্থিতিত সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে আগন্তুক ২০২৫-২০২৭ বৰ্ষৰ বাবে ৰাজুমনি বেজবৰুৱাক সভাপতি আৰু পাৰভেজ হুছেইনক প্ৰধান সম্পাদক হিচাপে লৈ সৰ্বমুঠ ৩১ জনীয়া এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰি দিয়া হয়। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ কেইবাগৰাকী বিশিষ্ট কবি উপস্থিত থকা উক্ত সভাত কৌস্তব খাউণ্ড আৰু কৃষ্ণ দৈমাৰীক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত কৰা বিষয়টোৱে পাহাৰীয়া জিলাখনৰ বাবে আন এক গৌৰৱ কঢ়িয়াই আনিছে।
এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে বিগত বৰ্ষৰ ২৮ ডিচেম্বৰ তাৰিখে ঐতিহাসিক শিৱসাগৰ নগৰস্থিত শিৱসাগৰ বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশনৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাত নতুনকৈ নিৰ্বাচিত হবলগীয়া কাৰ্যনিৰ্বাহক সমিতিখনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে সংবিধান উলংঘা কৰা বুলি সভাত উপস্থিত গৰিষ্ঠ সংখ্যক কবিয়ে প্ৰতিবাদ কৰি বিষয় বাছনি সভা বৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে উক্ত সভা পৰৱৰ্তী সময়লৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।
সেই লৈ যোৱা ১৯ জানুৱাৰী তাৰিখে সদৌ অসম কবি সন্মিলনৰ বিদায়ী সভাপতি বংশী বৰাৰ সঞ্চালনাত বোকাখাত নগৰস্থিত ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক শান্তিপূৰ্ণ পৰিবেশত পুনৰাই উল্লেখিত বিষয় বাছনি সন্দৰ্ভত সভা অনুষ্ঠিত কৰি আগন্তুক ২০২৫-২০২৭ বৰ্ষৰ বাবে এক পুৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় ।