/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/khargeswar-talukdar-shahid-asom-andolan.jpg)
ডিজিটেল সংবাদ, শালবাৰীঃ ১০ ডিচেম্বৰ৷ ছহিদ দিৱস৷ অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত উজান বৰবড়ী গাঁৱৰ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহগাঁওত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ছহিদ দিৱস৷ ছহিদ দিৱসৰ প্ৰাক ক্ষণত সুদীৰ্ঘ প্ৰায় চাৰিটা দশকৰ অন্তত অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদক লৈ এক বিতৰ্কৰ সূত্ৰপাত হৈছে৷
১৯৭৯ চনৰপৰা ১৯৮৫ লৈ চলা ছবছৰীয়া অসম আন্দোলনৰ সময়ত মুঠ ৮৫৫ গৰাকী লোক ছহিদ হৈছিল৷ ইয়াৰ ভিতৰত বৰপেটাৰ ভৱানীপুৰ সমষ্টিৰ উজান বৰবড়ী গাঁওৰ খৰ্গেশ্বৰ তালুকদাৰক তদানীন্তন কালৰপৰাই সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ প্ৰথম ছহিদ হিচাপে স্বীকৃতি দি আহিছে আৰু প্ৰত্যেক বছৰৰ ১০ ডিচেম্বৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰি আহিছে৷
কিন্তু ইয়াৰ মাজতেই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এটি পৰিয়ালে দাবী উত্থাপন কৰিছে যে অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰ নহয়, হ'ব লাগে পূৰ্ণকান্ত নিৰ্মলীয়াহে৷ কিয়নো আজিলৈ অসম আন্দোলনৰ প্ৰথম ছহিদ হিচাপে ইতিহাসত নাম উল্লেখ থকা উজান বৰবড়ীৰ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল ১৯৭৯ চনৰ ১০ ডিচেম্বৰত, তাৰ বিপৰীতে নাহৰকটীয়াৰ পূৰ্ণকান্ত নিৰ্মলীয়াৰ মৃত্যু হৈছিল ১৯৭৯ৰ ৯ নৱেম্বৰত৷ পূৰ্ণকান্ত নিৰ্মলীয়াৰ মৃত্যুৰ এমাহ পিছত ছহিদ হোৱা খৰ্গেশ্বৰ তালুকদাৰ কি যুক্তিত অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ হিচাপে বিবেচিত হৈ আহিছে তাক লৈয়ে আৰম্ভ হৈছে নতুন বিতৰ্কৰ৷
আজি সংবাদ মাধ্যমৰ আগত ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- "অসম আন্দোলনৰ প্ৰথম, দ্বিতীয় ছহিদ বুলি কোনো কথা নাই। আন্দোলনত অংশগ্ৰহণ কৰি দেশমাতৃৰ হকে প্ৰাণাহুতি দিয়া অসমৰ ৮৫৫ গৰাকী ছহিদৰ সকলোৱে শ্ৰদ্ধাৰ পাত্ৰ৷ এইক্ষেত্ৰত কিবা ক'বলগা থাকিলে সেইসময়ৰ পৰাই মাত মাতি অহা সদৌ অসম ছাত্ৰ সন্থাইহে স্পষ্টীকৰণ দিব পাৰিব৷ মই ইয়াকে লৈ কোনো ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হোৱাটো নিবিচাৰোঁ৷"
ছহিদৰ ভাতৃ গৰাকীয়ে কয়-"আজি প্ৰায় ৩/৪ বছৰ আগৰপৰাই এক দুষ্ট চক্ৰই ছহিদক লৈ বিতৰ্ক কৰি অহা কথাটো দুৰ্ভাগ্যজনক৷ আমি সেই দুষ্ট চক্ৰটোক সাৱধান কৰি দিব খোজো যাতে ভৱিষ্যতলৈ অসম আন্দোলনৰ কোনো ছহিদক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য আগনবঢ়ায়৷"