বিশ্বনাথৰ চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল

বিশ্বনাথৰ চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল

ডিজিটেল সংবাদ,বিহালীঃ ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আৰম্ভ কৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ প্ৰক্ৰিয়াৰ শুকুৰূাপে বিশ্বনাথতো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ছাত্ৰ ছাত্ৰী সকলৰ মাজৰে পোন্ধৰ গৰাকীক বিনামূলীয়া চাইকেল প্ৰদান কৰি এই চাইকেল বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।

বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালষ

বিনামূলীয়া চাইকেল বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে, অসম চৰকাৰে শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন সাধিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক ক্ষেত্ৰত উদগনি যোগোৱাৰ লগতে গ্ৰাম্য অঞ্চল, নগৰ আৰু দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীসকলৰ পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন উচ্চাভিলাষী আঁচনিখন গ্ৰহণ কৰিছে।

তেওঁ লগতে কয় যে অসম চৰকাৰে চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু অসমৰ আদৰ্শ বিদ্যালয়কে ধৰি প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়া চাইকেল প্ৰদান কৰাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত এই নতুন উচ্চাভিলাষী আঁচনি আৰম্ভ কৰিছে। তেওঁ কয় যে চৰকাৰে ৰাস্তা পদুলি বাট পথ বনাব পাৰে, কিন্ত মানৱ সম্পদ তৈয়াৰ কৰিবলৈ শিক্ষক সকলেহে দায়িত্ব ল'ব লাগিব বুলি উল্লেখ কৰি দেশৰ ভৱিষ্যত মানৱ সম্পদ তৈয়াৰ কৰাত আত্ম নিয়োগ কৰিবলৈ শিক্ষক সমাজক আহ্বান জনায়। তেওঁ ছাত্ৰ ছাত্ৰী সকলকো ভৱিষ্যতে দেশৰ সু নাগৰিক হিচাপে প্ৰতিষ্ঠা হোৱাৰ সংগ্ৰামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে।

উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত বিশ্বনাথ জিলাৰ অন্তৰ্গত তিনিটা শিক্ষাখণ্ডৰ অধীনৰ মুঠ ৯৭ খন বিদ্যালয়ৰ সৰ্বমুঠ ৯৮০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল। ইয়াৰে ৫৪০০ গৰাকী ছাত্ৰী আৰু ৪৪০০ গৰাকী ছাত্ৰ। তথ্য অনুসৰি, বিহালী শিক্ষাখণ্ডৰ অধীনৰ ১৭ খন বিদ্যালয়ৰ ২৪৯৪ গৰাকী, বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনৰ ৩৩ খন বিদ্যালয়ৰ ৩৬৩৪ গৰাকী আৰু গহপুৰ মহকুমাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ ৪৭ খন বিদ্যালয়ৰ ৩৬৭২ গৰাকী ছাত্ৰ ছাত্ৰী এই বিশেষ আঁচনিৰ দ্বাৰা উপকৃত হ'ব।

অনুষ্ঠানটিত তিনিও গৰাকী বিধায়কে নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি বৰ্তমান চৰকাৰখনে ছাত্ৰ ছাত্ৰী সকলৰ সুচল যাতায়তৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে বিনামূলীয়া অভিলাষী আঁচনিৰে ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে।

বিশ্বনাথৰ চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল
ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল টকাসহ বহু মূল্যবান সা-সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in