শ্বহিদৰ পৰিয়ালক ৫০ লাখ টকাৰ চেক প্ৰদান মন্ত্ৰী অশোক সিংঘলৰ…

শ্বহিদৰ পৰিয়ালক  ৫০ লাখ টকাৰ চেক প্ৰদান মন্ত্ৰী অশোক সিংঘলৰ…

ডিজিটেল সংবাদ, শিলচৰঃ লাইলাপুৰত মিজো আৰক্ষীৰ গুলিত শ্বহিদ হোৱা আৰক্ষী জোৱান মাজাৰুল হক আৰু ৬ষ্ঠ অসম আৰক্ষীৰ জোৱান শ্যাম সুন্দৰ দুষাদৰ পৰিয়ালৰ হাতত ৫০ লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ৰুকুনি গাঁৱৰ বাসগৃহলৈ গৈ মন্ত্ৰী অশোক সিংঘাল আৰু বনমন্ত্ৰী  পৰিমল শুক্লবৈদ্যই  শ্বহিদ গৰাকীৰ পিতৃৰ হাতত ৫০ লাখ টকাৰ চেক প্ৰদান কৰে৷

 শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰো আশ্বাস দিয়ে মন্ত্ৰী সিংঘালে৷ ইয়াৰ পিছত  শ্যাম সুন্দৰ দুষাদৰ  শিলচৰ কাঠাল স্থিত বাসগৃহলৈ গৈ মন্ত্ৰী অশোক সিংঘালে শ্বহিদ গৰাকীৰ পত্নীৰ হাতত ৫০ লাখ টৰাৰ চেক প্ৰদান কৰে ৷

শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে  পৰিয়ালৰ এজনক  চৰকাৰী চাকৰি দিয়াৰ কথাও সদৰী কৰে কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে৷ মন্ত্ৰী গৰাকীৰ লগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰয়, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাই, কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীও উপস্হিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in