গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পনৰ যো যা জিএমচিৰ...

এটাৰ পাছত আন এটা কামৰ দায়িত্ব চৰকাৰে অৰ্পন কৰিবলৈ ওলাইছে ব্যক্তিগত খণ্ডৰ কোম্পানীক।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পনৰ যো যা জিএমচিৰ...

ASHOK SINGHAL

ডিজিটেল ডেস্ক: এটাৰ পাছত আন এটা কামৰ দায়িত্ব চৰকাৰে অৰ্পন কৰিবলৈ ওলাইছে ব্যক্তিগত খণ্ডৰ কোম্পানীক। এইবাৰ গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ হাতত দিয়াৰ যো যা চলাইছে গুৱাহাটী পৌৰ নিগমে।

Advertisment

এই সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালে কয়ে যে, ''তেনেকুৱা এটা চিন্তা চলি আছে যে কৰ সংগ্ৰহ ভাল হ'ব লাগে। যি সকলে কৰ নিদিয়ে তেওঁলোকৰ পৰাও কৰ ল'ব লাগে। দেখা গৈছে যে ৬০ শতাংশ মানুহে কৰ দি আছে বাকী সকলে দিয়া নাই। গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ঘৰ থকা মানুহ খিনিয়ে সম্পত্তিৰ কৰ দিব লাগে। তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।''

বাহিৰৰ প্ৰতিষ্ঠানক ইয়াৰ দায়িত্ব দিয়া হৈছে নেকি সোধা প্ৰশ্নত সিংঘালে কয় যে ''বাহিৰৰ প্ৰতিষ্ঠানত দায়িত্ব দিয়া হোৱা নাই। নিবিদা বিচৰা হৈছে।চট্টীশগড়, বিহাৰ, ঝাৰখণ্ড আদিত কৰ সংগ্ৰহ হৈ আছে। গতিকে ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পন কৰা হব এই দায়িত্ব''।

assam guwahati gmc tax