ৰাভা হাছং এলেকাক গুৱাহাটীত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে দুধনৈত প্ৰতিবাদ

ৰাভা হাছং এলেকাক গুৱাহাটীত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে দুধনৈত প্ৰতিবাদ

ডিজিটেল সংবাদ, দুধনৈঃ বিজেপি চৰকাৰে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ কৰি ৰাভা হাছং এলেকাক অন্তৰ্ভুক্ত কৰাৰ বিৰোধীতা ৰাভা জাতীয় সংগঠন তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ৷ এই জাতি ধ্বংসী বিধেয়কখন ৰাভা হাছং এলেকাত জাপি দি ৰাভা হাছং পৰিষদখন ভংগ কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সংগঠন সমূহে।

দুধনৈত শুকুৰবাৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে ৰাভা হাছং আৰু ট্ৰাইবেল বেলড এণ্ড ব্লকৰ এলেকাধীন গাঁও সমুহ আছাম ষ্টেট কেপিটেল ৰিজিঅ'ন ডেভেলপমেন্ট অথৰিটী এক্ট, ২০১৭ৰ পৰা কৰ্তন কৰাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে, এই বিশেষ চুক্তিখন বাতিল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসম চৰকাৰে।

কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে বিধেয়কখন আইনলৈ প্ৰয়ণন কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কৰ্তন কৰা হ'ব ৰাভা হাছং এলেকাৰ গাওঁসমুহ। চৰকাৰৰ এই কাৰ্যৰ প্ৰতিবাদস্বৰূপে আজি যৌথ সংগ্ৰাম সমিতিয়ে দুধনৈৰ লগতে গোৱালপাৰা জিলাৰ চাৰিটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, পোষ্টাৰ লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মিছলীয়া, আমাক ষষ্ঠ অনুসূচী লাগিব, আছাম ষ্টেট কেপিটেল ৰিজিঅ'ন ডেভেলপমেন্ট অথৰিটী এক্ট, ২০১৭ বাতিল কৰক ইত্যাদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে দুধনৈৰ আকাশ বতাহ ৷

আগন্তুক বিধান সভা অধিৱেশনত এই আইনখন সংশোধনী কৰি আইনৰ পৰা যদি ৰাভা হাছঙৰ গাঁওসমূহ কৰ্তন নকৰে তেন্তে ২০১৯ চনত হ'বলগীয়া লোকসভা নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলিও সংগঠনটোৰ নেতৃত্বই সকিয়াই দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in