/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/123-2.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম চৰকাৰৰ জাননী মৰ্মে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা মঙলবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডৰে অসমলৈ উভতিল ১০৯ জনকৈ শ্ৰমিক। বিগত ২ মে' তাৰিখে অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ছিক্কিমক বাদ দি উত্তৰ-পূৰ্ৱাঞ্চলৰ বাকীকেইখন ৰাজ্যৰ পৰা অসম সংযোগী সকলো দুৱাৰ মুকলি কৰাৰ কথা উল্লেখ কৰি উক্ত দুৱাৰেৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা স্বৰাজ্যলৈ আহিব বিচৰা অসমৰ বাসিন্দাসকলক কোনো অনুমতি নোহোৱাকৈ অহাৰ বাবে অনুমতি দিয়াৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পাছতে বিগত ৪টা দিনত প্ৰতিদিনে অৰুণাচল প্ৰদেশৰ পৰা অসমৰ বিভিন্ন জিলালৈ ওদালগুৰি জিলাৰ দুটা পথ ক্ৰমে ভৈৰৱকুণ্ড আৰু লালপানীৰে শ্ৰমিকসকল প্ৰৱেশ কৰে। প্ৰথমটো দিনতে দুয়োটা সীমান্তৰে অসমলৈ প্ৰৱেশ কৰিছিল ৪৭ খৰাকী লোক। ইয়াৰ পাছত আজি অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ খালাকটাং অঞ্চলত শ্ৰমিক হিচাপে কাম কৰা ১০৯ জনকৈ শ্ৰমিকে আজি ওদালগুৰিৰ ভৈৰৱকুণ্ড পথেৰে অসমত প্ৰৱেশ কৰে।
অসমত প্ৰৱেশ কৰাৰ পূৰ্ৱে ৱেষ্ট কামেং জিলা প্ৰশাসনে প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ওদালগুৰি প্ৰশাসনৰ ওচৰলৈ হস্তান্তৰ কৰে। লগতে অসমত প্ৰৱেশ কৰাৰ পাছতে ওদালগুৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত শ্ৰমিকসকলক ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলীত স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা ওদালগুৰিৰ দুটাকৈ পথেৰে এইপৰ্যন্ত ডেৰ শতাধিক লোক অসমলৈ প্ৰৱেশ কৰিছে।