New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/aruna.jpg)
- দেওবাৰে অৰুণাচলৰ তেজুত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনা।
- দুৰ্ঘটনাত পতিত হয় অসমৰ কেইজনমান যুৱক ।
- বাইকেৰে যোৱা ৩০জনীয়া এটা দল দুৰ্ঘটনাত পতিত হয় অৰুণাচলৰ তেজুত।
- অসমৰ যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত হয় এজন স্থানীয় লোক।
- ইয়াৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।
- উত্তেজিত ৰাইজে জ্বলাই দিয়ে অসমৰ যুৱকৰ দলটোৰ ৫খনকৈ বাইক।
- প্ৰায় ৩০জনীয়া দলটোৰ ১০জন যুৱক বৰ্তমানেও তেজুত আৱদ্ধ।
- ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অসমৰ যুৱককেইজনক।
- প্ৰাপ্ত খবৰ অনুসৰি কাকপথাৰ আৰু দুলীয়াজানৰ পৰা অৰুণাচলৰ তেজুলৈ ফুৰিবৰ বাবে গৈছিল ৩০ জনীয়া দলটো।