অৰুণাচল প্ৰদেশৰ চাংলাঙত আছাম ৰাইফলছ-এনএছচিএনৰ সংঘৰ্ষ, এজন নিহত…

অৰুণাচল প্ৰদেশৰ চাংলাঙত আছাম ৰাইফলছ-এনএছচিএনৰ সংঘৰ্ষ, এজন নিহত…

author-image
asomiyapratidin
New Update
অৰুণাচল প্ৰদেশৰ চাংলাঙত আছাম ৰাইফলছ-এনএছচিএনৰ সংঘৰ্ষ, এজন নিহত…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৱাখাঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত মঙলবাৰে আছাম ৰাইফলছ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ৰিফাৰমেচন গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন কেডাৰ নিহত হয় । জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মটঙ য়টিডাম এলেকাত এন এছ চি এন ৰিফাৰমেচন গোট এটা পাঁচজনীয়া দলে বিচৰণ কৰাৰ তথ্য লাভ কৰা বিশেষ তথ্য লাভ কৰা পিছতে ৯ নং আছাম ৰাইফলছে অঞ্চলটিত অভিযান আৰম্ভ কৰে ।

অভিযানত এন এছ চি এনৰ এজন কেডাৰ নিহত হয় যদিও বাকী চাৰিজন পলাই যাবলৈ সক্ষম হয় । নিহত কেডাৰজন থাময়াঙ গাঁৱৰ কাপ্পান নগেমু বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা সেনাই এটা এ কে ৪৭ ৰাইফল আৰু ৪০ জাঁই গুলী উদ্ধাৰ কৰিছে ।