অৰুণাচলৰ ইটানগৰত আটক দুধৰ্ষ চোৰাং গড়ঁৰ খৰ্গ বেপাৰী

অৰুণাচলৰ ইটানগৰত আটক দুধৰ্ষ চোৰাং গড়ঁৰ খৰ্গ বেপাৰী

author-image
asomiyapratidin
New Update
অৰুণাচলৰ ইটানগৰত আটক  দুধৰ্ষ চোৰাং গড়ঁৰ খৰ্গ বেপাৰী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ আন এক বৃহৎ সফলতা। বহু দিনৰ পৰা বন বিভাগৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰা এটা দুধৰ্ষ চোৰাং গড়ঁৰ খৰ্গ বেপাৰী আটক কৰিবলৈ সক্ষম হয় বিশ্বনাৰ বন্যপ্ৰাণী সংমণ্ডল । জানিব পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লাখৰা চাপৰিত যোৱা এপ্ৰিল মাহত হোৱা গঁড় হত্যাৰ অভিযোগত আটক হোৱা আছামীৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বন কৰ্মীৰ দল লগত IRF ৰ দল আৰু ইটানগৰ আৰক্ষীৰ সহযোগত ইটানগৰৰ বিভিন্ন স্থানত অভিযান চলাইছিল। উক্ত অভিযানত ইটানগৰ P- SECTOR গান্ধী মাৰ্কেটৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে ধৃত চোৰাং বেপাৰী জন । চোৰাং বেপাৰী জন গহপুৰৰ ৰিজেন পেগু বুলি বন বিভাগে সদৰি কৰিছে ।