অৰুণাচলত নেৰানেপেৰা বৰষুণ, সৰ্বত্ৰে ভূমিস্খলন, ভয়ানক ৰূপ ল’ব ব্ৰহ্মপুত্ৰই! VIDEO

অৰুণাচলত নেৰানেপেৰা বৰষুণ, সৰ্বত্ৰে ভূমিস্খলন, ভয়ানক ৰূপ ল’ব ব্ৰহ্মপুত্ৰই! VIDEO

author-image
asomiyapratidin
New Update
অৰুণাচলত নেৰানেপেৰা বৰষুণ, সৰ্বত্ৰে ভূমিস্খলন, ভয়ানক ৰূপ ল’ব ব্ৰহ্মপুত্ৰই! VIDEO

ডিজিটেল ডেস্কঃ বিগত ৮ দিন ধৰি একেৰাহে চলি থকা মুষলধাৰ বৰষুণৰ ফলত চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যখনৰ প্ৰায়বোৰ নদী বিশেষকৈ চিয়াং, সোৱণশিৰি, দিবাং, চিকু, জোনা, দিক্ৰং আদি প্ৰধান নৈসমূহৰ পানী উফন্দি উঠাৰ ফলত বহু ঠাইত মথাউৰি ছিগাৰ উপৰি কেইবাখনো গাঁও উটুৱাই নিছে।

ইতিমধ্যে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ নিশ্চিত হ'লেও, বহু লোক সন্ধানহীন হৈ আছে। লোহিত নৈৰ পাগলাম মথাউৰি ছিগাৰ ফলত কেইবাখনো গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লগা হৈছে। একেদৰে চিকু নদীয়ে মেবৰ ওচৰত মথাউৰি ছিগি ২০টা পৰিয়ালৰ ঘৰ মুহূৰ্তৰ ভিতৰতে উটুৱাই নিছে। ডাৱৰ বিস্ফোৰণ তথা প্ৰবল বৃষ্টিপাতৰ ফলত পাৰ্বত্য ৰাজ্যখনৰ বিভিন্ন জিলাত ব্যাপক হাৰত ভূমিস্খলন হোৱাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে।

পাগলাম মথাউৰি ছিগাৰ পাছৰ দৃশ্য…

পাহাৰৰ ওপৰৰ পৰা মাটিৰ সৈতে বাগৰি অহা বৃহৎ বৃহৎ শিলে ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰো ক্ষতিসাধন কৰিছে। বহু ঘাইপথত শ শ যান-বাহন আৱদ্ধ হৈ পৰা অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড শিল ডিনামাইট বিস্ফোৰেণেৰে ভঙাৰ পাছতহে পথ মুকলাব লগা পৰিস্থিতিত দিনে-ৰাতিয়ে কাম কৰি এছ ডি আৰ এফ, এন ডি আৰ এফ তথা গড়কাপ্তানি আৰু প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীসকল ভাগৰি পৰিছে।

ইফালে, ব্ৰহ্মপুত্ৰৰ তিনি গুৰুত্বপূৰ্ণ প্ৰধান উৎস নৈ চিয়াং, সোৱণশিৰি আৰু দিবাঙৰ জলস্তৰ দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যখনত প্ৰবল বৰষুণ অব্যাহত থকাৰ পৰিণতিত অহা দুই-এদিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ আশংকা ঘনিভূত হৈ উঠিছে। ইতিমধ্যে চিয়াং, সোৱণশিৰি, দিক্ৰং, ৰঙানদী আদিৰ পানীয়ে উত্তৰ অসমৰ বিভিন্ন অঞ্চল প্লাবিত কৰি তুলিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতেও, অহা তিনিদিনলৈ বৰষুণ বন্ধ হোৱাৰ সম্ভাৱনা ক্ষীণ।

এনে পৰিস্থিতিত অসমৰ বান পৰিস্থিতি যে অধিক সূচনীয় হৈ উঠিব সেয়াও প্ৰায় নিশ্চিত। পিছে সাম্ভাব্য ভয়াৱহ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অসমৰ ব্ৰহ্মপুত্ৰপুৰীয়া জিলাসমূহৰ প্ৰশাসন আশানুৰূপভাৱে এতিয়াও সস্তম হৈ উঠা নাই।