অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজানত পথ দুৰ্ঘটনা, কথমপি ৰক্ষা যাত্ৰী

অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজানত পথ দুৰ্ঘটনা, কথমপি ৰক্ষা যাত্ৰী

author-image
asomiyapratidin
New Update
অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজানত পথ দুৰ্ঘটনা, কথমপি ৰক্ষা যাত্ৰী

ডিজিটেল সংবাদ,গহপুৰঃ অসম-অৰুণাচল সীমান্তৰ বালিজান-ৰাজগড়-ইটানগৰ সংযোগী ৰাজগড় আলি পথত থকা বালিজান নৈ পাৰ হ'বলৈ চেষ্টা কৰোতে শনিবাৰে পুৱা এখন গাড়ী দুৰ্ঘটনাত পতিত হয়। এআৰ০১-কে-৩২৬৯ নম্বৰৰ টাটা নেক্স'নখনত থকা ব্যক্তি কেইবাগৰাকী গুৰুতৰভাবে আহত হয় এই দুৰ্ঘটনাত। ছিটবেল্ট লগাই থকাৰ বাবে কোনো ধৰণৰ আঘাতপ্ৰাপ্ত নহ'ল চালকজন।

উল্লেখ্য যে, ৰাজগড় আলিৰ বালিজান নৈৰ ওপৰত আজি পৰ্যন্ত নিৰ্মাণ হোৱা নাই কোনো দলং। যাৰ বাবে মৰণক শৰণ দি নিতৌ নদীখনৰ ওপৰেৰে পাৰ হয় শ শ বাহনৰ লগতে অৰুণাচল আৰু সীমান্তৱৰ্তী অসমৰ ৰাইজ। বিশেষকৈ অৰুণাচলৰ পাপুমপাৰে জিলাৰ বালিজান এডিচিৰ অন্তর্গত অৰুণাচলৰ ৰাইজ এই ঐতিহাসিক ৰাজগড় আলিৰে ইটানগৰলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।