/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/0e69406e-8a61-4d0d-9f13-25a6a1d4b699.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ নিৰজুলিত থকা অসমীয়া লোকসকলে আন বছৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে সমগ্ৰ অৰুণাচল প্ৰদেশ ব্যস্ত হৈ পৰিলেও কৰ্মসুত্ৰে অৰুণাচল প্ৰদেশত গৈ বসবাস কৰি থকা অসমীয়া লোকসকলে বাপতি সাহোন বিহুটি এৰি দিয়া নাই। নিৰজুলি, নহৰলগুন, ইটানগৰ আদি ঠাইত উলহ মালহেৰে এইবছৰো ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছে।
নিৰজুলিত থকা নেৰিষ্টৰ কালচাৰেল এন্দ লিটাৰেৰি ছ'ছাইটিৰ উদ্যোগত সাত দিনীয়াকৈ বিহু নৃত্য আৰু্ ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত অসমীয়া কণ কণ শিক্ষাৰ্থীৰ লগতে নিৰজুলিৰ নেৰিষ্ট আৰু পাৰ্শ্বৱৰ্তি এলেকাত বসবাস কৰা অৰুণাচলী যুৱতীয়েও বিহু নৃত্যৰ প্ৰশিক্ষণ লৈছে ঢোলৰ ওজা সোমনাথ বৰাৰ ওচৰত।
সোমনাথ বৰাৰ লগতে বিহু নৃত্য শিকাইছে পাহাৰি বৰা আৰু ৰ'জ শইকীয়াই। বিহুৰ কৰ্মশালাৰ প্ৰথম দিনাই শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কেইবা গৰাকীও বোৱাৰিয়েও এই কৰ্মশালাত বিহু নৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ লৈছে। আনকি কেইবাগৰাকীও বিহাৰী আৰু বেংগলি যুৱতীয়েও কৰ্মশালাত অংশগ্ৰহণ কৰিছে। মাজুলীৰ যুৱক তথা নেৰিষ্টৰ গৱেষক ছাত্ৰ অম্লানজ্যোতি বৰুৱাৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাত ঢোল বাদনৰ প্ৰশিক্ষণত যুৱতীয়েও অংশগ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e4c28449-648e-4ca9-9080-a8b854b09d22.jpg)
অৰুণাচলৰ এগৰাকী জনপ্ৰিয় চলচিত্ৰ অভিনেত্ৰী টাবা ৰীণায়ো এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উতফুল্লিত হোৱা বুলি উল্লখ কৰে। উল্লেখ্য যে, নাহৰলগুনতো সাতদিনীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰিছে কৃষ্টি কেন্দ্ৰ নাহৰলাগুন ৰঙালী বিহু উদযাপন সমিটিয়ে। অহা ৪ মে'ত নেৰিষ্টত আৰু ১১ আৰু ১২ মে'ত নাহৰলাগুনত উলহ মালহেৰে বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। তেনেদৰে ইটানগৰতো বিহু উদযাপনৰ প্ৰস্তুতি চলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/1538d086-3054-4c72-a678-03391d1c478a.jpg)
দিনে দিনে অৰুণাচল প্ৰদেশত অসমীয়া লোকৰ সংখ্যা হ্ৰাস পাই আহিছে যদিও ৰাজধানী ইটানগৰত বসবাস কৰি থকা অসমীয়া লোকসকলে অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগত ভৱিষ্যত প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ বাবে এনেদৰে কৰ্মশালাৰ আয়োজন কৰিছে। নাহৰলগুনত আয়োজন কৰা বিহু উৎসৱত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱেও অংশগ্ৰহণ কৰিব। তেনেদৰে নেৰিষ্টত আয়োজন কৰা বিহু কাৰ্যসূচীত জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতিয়াই অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ স্থানীয় লোকসকলৰ মাজত বিহু অতিকে জনপ্ৰিয় আৰু অসমৰ বহু কেইটা জনপ্ৰিয় বিহুগীতত প্ৰায়ে স্থানীয় শিল্পীয়ে নৃত্য কৰাটো প্ৰায়বোৰ সাংস্কৃতিক অনুষ্ঠানৰ একে এৰাব নোৱাৰা অংগ।