/asomiyapratidin/media/media_files/2026/01/30/fsdfsdsddd-2026-01-30-08-33-57.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ মৃত্যুক সাৱটিলে অসমীয়া শ্ৰমিকে। শেহতীয়াকৈ চিলাপথাৰত সংঘটিত হোৱা তেনে এক ঘটনাই সমগ্ৰ চিলাপথাৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চিলাপথাৰৰ সমীপৰ দ-পথাৰ মাজ গাঁৱৰ বিৰোচন চেতিয়াৰ পুত্ৰ তথা প্রাক্তন এছ এছ বি জোৱান সিদ্বার্থ চেতিয়াই গোগামুখৰ অগেন পাদি নামৰ লোকজনৰ তত্বাৱধানত অৰুণাচলৰ দাপৰিজুলৈ কৰ্মসংস্থনৰ বাবে শ্ৰমিক হিচাপে যায়। তাতে ৰাজু ডুবি নামৰ ঠিকাদাৰ জনৰ অধীনত কাম কৰিবলৈ লয়। যোৱা নবেম্বৰ মাহৰ ২৫ তাৰিখে টকা পইচা সংক্ৰান্তত ৰাজু ডুবি আৰু সিদ্ধাৰ্থৰ মাজত বিবাদৰ হয় আৰু তেওঁৰ ওপৰত ৰাজু ডুবিয়ে মাৰপিট কৰে বুলি সিদ্ধাৰ্থই পৰিয়ালক জনায়। সেইটোৱেই আছিল সিদ্ধাৰ্থৰ পৰিয়ালৰ লগত শেষ যোগাযোগ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/capturegfgdswd-2026-01-30-08-36-10.jpg)
সিদ্ধাৰ্থৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰ লোকে যোৱা ২ ডিচেম্বৰত চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও তেওলোকে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰাত ২০ জানুৱাৰীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অবগত কৰে। কিন্তু কোনেও সিদ্ধাৰ্থৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে।
অৱশেষত যোৱা সোমবাৰে সিদ্ধাৰ্থৰ অর্ধগলিত মৃতদেহ অৰুণাচল আৰক্ষীয়ে তেঁওৰ কর্মস্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু অভিযুক্তৰ ওপৰত এতিয়ালৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী ৰাইজ । সেই সন্দৰ্ভত পৰহি পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে চিলাপথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্ত অগেন পাদি আৰু ৰাজু ডুবিক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। সিদ্ধাৰ্থৰ দৰিদ্ৰ পত্নীক সাহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us