/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/mohini-rajkumari.jpg)
ডিজিটেল সংবাদ, বোকাখাত : শিল্পী মোহিনী ৰাজকুমাৰী। অসমৰ জনসাধাৰণৰ বাবে এটা পৰিচিত ব্যক্তিত্ব। আহোম ৰাজ পৰিয়ালৰ এই গৰাকী দুৰদৃষ্টি সম্পন্ন মহিলাৰ জন্ম হৈছিল ১৮১৮ শকত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ মহুৰামুখত।
পৰবৰ্তী সময়ত বৃহত্তৰ মহুৰামুখ অঞ্চলৰ জনজীৱনৰ লগত একাত্ম হৈ এক সামাজিক জীৱন যাপন কৰা মুহিনী ৰাজকুমাৰীয়ে এসময়ত মহুৰাৰ গেলাবিল নদীৰ নামটেমেৰা আৰু মহুৰাঘাট লেচী হিছাপে আৰু কাণিমহল, সুলভ মূল্যৰ দোকানৰ গৰাকী হৈ দিছিল প্ৰচুৰ কৰ্ম দক্ষতাৰ পৰিচয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/1-5-1024x576.jpeg)
ইয়াৰ উপৰিও তেঁও অসমৰ "প্ৰথম গৰাকী মহিলা ঠিকাদাৰ" হিছাপে নিৰ্মান কৰি উলিয়াইছিল এছিয়াৰ ভিতৰতে "এপাট কাঁড়ৰ দৰে পোন পথ"টো যিটো পথে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰিছে বৃহত্তৰ মহুৰামুখ অঞ্চলক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/2-5-1024x570.jpeg)
এই গৰাকী মোহিনী ৰাজকুমাৰী আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ "জয়মতী"ৰো অভিনেত্ৰী। বোলছবিখনত "ৰাজমাও"ৰ চৰিত্ৰত অভিনয় কৰিছিল এই গৰাকী মহিলাই লগতে "জয়মতী"ত কৰা অভিনয়ৰ ৪০ বছৰৰ পাছত তেওঁ বিশিষ্ট বোলছবি পৰিচালক প্ৰয়াত পদুম বৰুৱাৰ "গঙা চিলনীৰ পাখী"ত এটা বিশেষ চৰিত্ৰত কৰিছিল পুণৰ অভিনয়।
এনেদৰেই শৈল্পীক আৰু কৰ্মময় জীৱন যাত্ৰাৰ মাজেৰে এক সক্ৰিয় জীৱন অতিবাহিত কৰা মোহিনী ৰাজকুমাৰীয়ে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আহোম ৰাজপৰিয়ালৰ সাজ-পোছাক, আ-অলংকাৰ, বাচন-বৰ্তন আদি বিভিন্ন ৰজাদিনীয়া কীৰ্তিচিহ্ন সংৰক্ষণ কৰি মহুৰামুখত এটি ক্ষুদ্র সংগ্ৰহালয় স্থাপন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/3-4-1024x666.jpeg)
আৰু সেই পৰিকল্পনা আধাৰতেই ১৯৯৩ চনত তেখেতৰ পৰিয়ালৰ তত্বাৱধানত মোহিনী ৰাজকুমাৰীয়ে ব্যক্তিগত সংগ্ৰহত ৰখা ভালেমান ৰজাদিনিয়া কীৰ্তিচিহ্ন যেনে : সপ্তদশ শতিকাৰ "সাঁচিপতীয়া মন্ত্ৰ পুথি", ১৯ শতিকাতে লোৰে নিৰ্মিত ৰজা আৰু ৰাজ বিষয়া সকলে ব্যৱহাৰ কৰা "কেকোঁৰা দোলা", মহিলাই ব্যৱহাৰ কৰা "চৰিয়া দোলা", ৰজাই পৰিধান কৰা পাগুৰী খুলি বহুৱাই থোৱা কাঠৰ পাত্ৰ "পাগুৰি টেমা", "ৰুপৰ বৈথক", "ৰূপৰ ভোগজৰা", পাটৰ কাপোৰত "সোণৰ বনকৰা মহিলাৰ বস্ত্ৰ", "কিংখাপৰ মেখেলা" , ১৮ শতিকাৰ কাপোৰত ৰূপৰ বনকৰা ৰজাই কমৰত বান্ধি লোৱা "কমৰ বান্ধ", বিয়াত দৰা-কইনাক নোৱাবলৈ মাহ-হালধি পিহি থোৱা পাত্র ৰূপৰ "আগলতি", ৰজা আৰু ৰাজপৰিয়ালৰ বৈদ্যই ঔষধ পিহা পাত্র "কিস্তি", "ঔ ফুলিয়া বানবাটি", "ৰূপৰ থাল", ১৯ শতিকাৰ "হেংদান", স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালৰ সোণৰ মুদ্ৰা "চৰণ ঢাপ" আদিৰে মুকলি কৰা হৈছিল শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/4-3-1024x787.jpeg)
কিন্তু কেৱল গোলাঘাট জিলাৰেই নহয় সমগ্ৰ অসমৰেই এটি উল্লেখনীয় সংগ্ৰহালয় হ'ব পৰাৰ প্ৰচুৰ সমল থকা সংগ্ৰহালয়টো এতিয়া ধ্বংসৰ গৰাহত। হাবি বননি আৰু ঢুলি মাকতিৰে কৰালৰে সংগ্ৰহালয়টোয়ে একপ্ৰকাৰ লৈছে কদৰ্য্য ৰূপ। চৰম অযত্নৰ ফলতেই প্ৰায় ধ্বংস হ'ল ভালেমান গুৰুত্বপুৰ্ণ কীৰ্তিচিহ্ন।
কিন্তু ৰাজ্যখনৰ কোনো এগৰাকী জন প্ৰতিনিধিৰ প্ৰতিষ্ঠাকালৰ পৰা চকু নপৰিল সংগ্ৰহালয়টোৰ ওপৰত আনকি স্থানীয় কোনো ৰাজনৈতিক অৰাজনৈতিক সংগঠনেও আজিলৈকে সংগ্ৰহালয়টোৰ পুণৰ উদ্ধাৰৰ বাবে নকৰিলে তিলমানো চেষ্টা। উদাষিণ হৈ থাকিল স্থানীয় ৰাইজ। ২০২১ত পুণৰ গাদী দখল কৰা বোকাখাত বিধায়ক অতুল বৰাৰো প্ৰথমটো কাৰ্যকালত সময় নহ'ল ঐতিৰ্য আৰু সংস্কৃতিৰ প্ৰতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/6-1-615x1024.jpeg)
উল্লেখযোগ্য যে কিছুবছৰ পূৰ্বে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ এগৰাকী বিষয়া ৰেণু দেৱীয়ে সংগ্ৰহালয়টোৰ পৰা এটা "পিতলৰ ", এটা কাহঁৰ "ঢকঢকি", ১৯ শতিকাৰ "মাইহাং", দোলাত ব্যৱহাৰ কৰা তামৰ জৰী "জলম", "পদুম ফুলৰ বাটি" এটা, "পাটৰ বনকৰা চোলা", "চাদৰ মেখেলা এযোৰ", এটা "গাৰুৰ গিলিপ" , এটা "আঞ্চলিক চোলা" , "এটা জেকেট", "শৰাই ঢকা" এখন, মোহিনী ৰাজকুমাৰীয়ে দহ বছৰ বয়সতে নিজ হাতে বনোৱা এখন "ৰিহা" লৈ গৈছিল বলপূৰ্বক ভাৱে।
পৰিয়ালৰ লোকক অনুমতিৰ বাবে দিয়া হৈছিল আনকি আৰক্ষীৰ ভাবুকিও। কিন্তু ৰহস্যজনক ভাৱে এই সমুহ কীৰ্তিচিহ্ন নাই অসম ৰাজ্যিক সংগ্ৰহালয়ত। সন্দেহ কৰা হয় এই সমুহ কীৰ্তিচিহ্নই হয়তো বৰ্তমান শুৱনি কৰিছে কাৰোবাৰ ব্যক্তিগত চ'ৰাঘৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/5-3-1024x477.jpeg)
ঐতিৰ্যমণ্ডিত এই সমুহ কীৰ্তিচিহ্নৰ প্ৰতি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ এই ৰহস্যজনক স্থিতিৰ বাবেই এতিয়া চৰম হতাশাত ভুগিছে মোহিনী ৰাজকুমাৰিৰ নাতিনীয়েক তথা শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ তত্বাৱধায়ক বীণা ৰাজকুমাৰী।প্ৰশ্ন হয়, ঐতিৰ্য সংৰক্ষণৰ প্ৰতি স্থানীয় ৰাইজ, দল-সংগঠণ, চৰকাৰ আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ এনে চৰম অৱমাননাৰ প্ৰতি আজিৰ তৰুণ প্ৰজন্মই প্ৰশ্ন উত্থাপণ কৰিবনে??