/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/mur-mot.jpg)
অসমৰ চাহ বাগিচা সমূহে বিগত সময়চোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। পূৰ্বৰ তুলনাত যিদৰে চাহৰ উৎপাদন বৃদ্ধি পাইছে সেই অনুপাতে চাহৰ ৰপ্তানি বৃদ্ধি হোৱা নাই। কিয় বৃদ্ধি হোৱা নাই চাহৰ ৰপ্তানি? ইয়াৰ আঁৰৰ কাৰণ কি? কেতিয়া, কেনেকৈ চাহ বাগিচাৰ সমস্যাৰ সমাধান হ'ব সেই সন্দৰ্ভত তেজপুৰ টি কম্পেনি লিমিটেডৰ পূৰ্বৰ অধীক্ষক প্ৰবন্ধক প্ৰণৱ কুমাৰ শৰ্মাৰ এই লেখা আংশিক সম্পাদিত ৰূপত আজি মোৰ মতত প্ৰকাশ কৰা হ'ল।
অসমৰ চাহ বাগিচাত যোৱা একশ বছৰত বহুতো সমস্যাৰ সৃষ্টি হৈছিল কিন্তু এই সমস্যাবোৰ টোকলাই চাহ গবেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ সহযোগত সমাধান কৰিছিল।পূৰ্বে যদি কোনো এটা বছৰত খৰাং বতৰ হয়, তেনেহ'লে সেই বছৰত চাহ উৎপাদন কম হ'লেহে সমস্যাৰ সৃষ্টি হৈছিল।কিন্তু এতিয়া চাহ বাগানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ কাৰন সম্পূৰ্ন বেলেগ।
অসমৰ চাহ বাগিচাৰ লগত জড়িত হৈ আছে বাগিচাৰ মালিক , ক্ষুদ্ৰ চাহ খেতিয়ক,পৰিচালক, কৰ্মচাৰী আৰু মজদুৰ সকল;চাহ বাগিচাত বিভিন্ন বস্তুৰ যোগান ধৰা অনুস্থান আৰু বিভিন্ন কাম কৰা ঠিকাদাৰ,চাহ বিক্ৰীৰ লগত জড়িত হৈ থকা অনুস্থান সমূহ ,বিভিন্ন সামগ্ৰী কঢ়িওৱা অনুস্থান সমূহ আৰু বেঙ্ক।শেষত চৰকাৰ আৰু গোটেই পৃথিৱীত চাহ খোৱা লোকসকল। এওঁলোক সকলোৰে এই উদ্যোগতোৰ পৰা বহুত আশা আছে ।ডাঙৰ বাগিচা আৰু ক্ষুদ্ৰ বাগিচাৰ মালিক সকলে বেছি উৎপাদন কৰি বেছি লাভ কৰিব বিচাৰে, পৰিচালক,কৰ্মচাৰী আৰু মজদুৰ সকলে বেছি বেতন বিচাৰে,ঠিকাদাৰ, বিভিন্ন সামগ্ৰী যোগান ধৰা অনুস্থান , বিক্ৰীৰ লগত জড়িত অনুস্থান,সামগ্ৰী কঢ়িওৱা অনুস্থান আৰু বেঙ্ক সমুহেও বেছি লাভ কৰিব বিচাৰে;চৰকাৰে পাবলগীয়া কৰ আৰু ৰাজহ পাবলৈ আশা কৰে আৰু চাহ খোৱা লোকসকলে কম দামত উন্নত মানৰ চাহ খাব বিছাৰে।
ভাৰতত ১৯৭০ চনত চাহ উৎপাদন ৪২১ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে ২০১৯ চনত ১৩৩৯ কিলোগ্ৰাম চাহ উৎপাদন হৈছিল। অৰ্থাৎ ৯১৮ মিলিয়ন কিলোগ্ৰাম অধিক ।১৯৭০ চনত ভাৰতে চাহ ৰপ্তানি কৰিছিল ২০৮ মিলিয়ন কিলোগ্ৰাম। ইয়াৰ বিপৰীতে ২০১৯ চনত ভাৰতে ২৫২ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছে। অৰ্থাৎ ১৯৭০ চনৰ তুলনাত ২০১৯ চনত ভাৰতে মাত্ৰ ৪৪ মিলিয়ন কিলোগ্ৰাম অধিক চাহহে ৰপ্তানি কৰিছে।
যদিও ভাৰত পৃথিবীৰ ভিতৰত দুই নম্বৰ চাহ উৎপাদন কৰা দেশ,কিন্তু সেই অনুসৰি ভাৰতৰ পৰা চাহ ৰপ্তানি হোৱাৰ পৰিমাণ বৃদ্ধি হোৱা নাই। ১৯৭০ চনত FERA আইন ৰ ফলত বহুত বিদেশী কোম্পানীয়ে তেওলোকৰ চাহ বাগিছাৰ অংশ বিক্ৰী কৰি কেনিয়া আদি ঠাইত চাহ বাগিচা আৰম্ভ কৰে। সেই কোম্পানীসমূহে বৰ্তমান কেনিয়াৰ পৰা চাহ ক্ৰয় কৰাৰ বাবেই ভাৰতৰ ৰপ্তানি কমিছে।
উন্নত দেশ বোৰৰ জনসাধাৰণ স্বাস্থ্য প্ৰতি সজাগ।খাদ্য বস্তুত কিমান কীটনাশকৰ অবশিষ্ট থাকিব লাগিব তাৰ বাবে নিৰ্দিষ্ট নিয়ম আছে ।যদি চাহত বেছি পৰিমাণে অবশিষ্ট থাকে, তেনেহ'লে সেই চাহক উন্নত দেশবোৰত সোমাব নিদিয়ে। উন্নত আৰু ধনী দেশ বোৰে ভাল খাদ্য বস্তুৰ ভাল দাম দিয়ে।কিন্তু অসমৰ বাগিচাৰ কেচাপাত ফেক্টৰীত আহি পোৱাৰ লগে লগে সেই চাহত কিমান পৰিমাণে কীটনাশকৰ অৱশিষ্ট আছে এই বিষয়ে চাবলৈ কোনো মেচিন আজিলৈ ওলোৱা নাই । গতিকে এই বিষয়ে কোনো বিশেষ ভূমিকা চৰকাৰ বা মালিক সকলে লোৱা দেখা যোৱা নাই ।
জানিব পাৰা মতে কীটনাশকৰ কোনো নিৰ্দিষ্ট অবশিষ্ট ভাৰতৰ তথা অসমৰ চাহত নাথাকে কাৰনে উন্নত দেশ বোৰে বিশ্বাসত নলয় আৰু ভাল দাম নিদিয়ে ।গতিকে চৰকাৰ আৰু বাগিছাৰ মালিক সকলে একেলগে মিলি অসমৰ চাহৰ মানদণ্ড ৰাখিলেহে ৰপ্তানি বৃদ্ধি পাব আৰু চাহৰ ভাল দাম পাব। ৰপ্আতানি বঢ়াৰ লগতে অধিক দাম লাভ কৰিলে চাহ উদ্যোগটোৱে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছে সেই সমস্যাৰ পৰাও উদ্ধাৰ হ'ব পাৰিব।