/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e1416a30-36e5-4157-a119-8d914fbedcfc/BOOK.jpg)
ডিজিটেল সংবাদ, দিল্লীঃ ড° আৰতি বৰুৱাৰ গ্ৰন্থ " Hallucination" সোমবাৰে নতুন দিল্লীৰ "মেক্স হাস্পতালত " জেষ্ঠ্য চিকিৎসক ড০ সুভাষ দত্তই উন্মোচন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/72c23f16-f02a-4cc0-9b1f-50f7d8addc3a/c2c5f94d_97e1_47db_9a27_41f293d0e0ad.jpg)
লেখিকা ড° আৰতি বৰুৱাই এই গ্ৰন্থখনত কভিড -১৯ৰ সময়ত ICU ৰ ভিতৰত এগৰাকী ৰোগীয়ে কেনে মানসিক পৰিস্থিতিৰ সন্মুখীন হয় সেইয়া বৰ্ণনা কৰিছে ৷ লগতে নিজৰ জীৱনত সেই সময়ত অহা বিভিসিকাৰ কথা সোৱৰি লেখিকাই কয় যে, নিজৰ "লিভাৰ ট্ৰাস্নপ্লান্ট " কৰাৰ সময়ত আই চি ইউ ত হোৱা বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত তেওঁ এই কিতাপখন লিখি উলিয়াইছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/dd6e58f5-eea9-4035-ab7b-e7322475cf49/25895558_2a35_422a_9b5c_fbd2f6d2f7ff.jpg)
নিজ স্বামীৰ মৃত্যুৰ খবৰ পাইয়ো নিজেই শয্যাগত হৈ থকা বাবে স্বামীক শেষ শ্ৰদ্ধা জনাব নোৱাৰা আৰু পুত্ৰই তেওঁক নিজৰ লিভাৰৰ এটা অংশ দিয়া বাবে পুত্ৰইৱো নিজ পিতৃক সমাধিস্থ কৰিব নোৱাৰাৰ যি বেদনা আ্ৰৰু সেই মানসিক যাতনাৰ পৰা নিজকে মুক্ত কৰাৰ যি সংগ্ৰাম, সিয়েই এই গ্ৰন্থখনৰ বাবে তেওঁৰ মূল প্ৰেৰণা বুলি উল্লেখ কৰে লেখিকা আৰতি বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/74f942d6-14b9-4536-9ca5-f67c90f75686/8ef0aedf_d369_4778_b72c_8a63aa533129.jpg)
আনহাতে মানসিক ভাৱে দুৰ্বল নোহোৱাকৈ জটিল ৰোগসমুহৰ চিকিৎসাৰ ক্ষেত্ৰত নিজক সাহসী কৰি ৰাখিব লাগে বুলিও মন্ত্যব্য কৰে আৰতি বৰুৱাই ৷