/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ass.png)
ডিজিটেল ডেস্ক: কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ । জিলাখনৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্ট কালবাগানৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ।
উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি প্ৰাক্তন এনডিএফবি সংগঠনৰ বুলি সন্দেহ কৰা হৈছে । আত্মসমৰ্পন কৰাৰ পূৰ্বে মাটিৰ তলত পুতি থোৱাৰ সন্দেহ কৰিথে আৰক্ষীয়ে ।
এক বিশেষ সূত্ৰ অনুসৰি চলিছিল এই অভিযান । অস্ত্ৰ উদ্ধাৰৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল ।
সংবাদমেলত বিশেষ ডিজিপি ড° এল আৰ বিষ্ণই , জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে , অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ , উপ আৰক্ষী অধীক্ষক পুনম পেগু ।সংবাদমেলত সকলো তথ্য সদৰি কৰিলে ড° এল আৰ বিষ্ণইয়ে ।
আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুটা ইজৰাইলত নিৰ্মিত ৰাইফল , চাৰিটা মেগজিন ,বহুসংখ্যক গ্ৰেণেড , ২২টা প্ৰেছাৰ বোমা , ২২ টা কেপ । অভিযানৰ নেৰ্তৃত্ব লৈছিল কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । এই অভিযান অব্যাহত থাকিব বুলি ঘোষণা আৰক্ষীৰ ।