অৰ্চনা মহন্ত আৰু নাই!

অৰ্চনা মহন্ত আৰু নাই!

author-image
asomiyapratidin
New Update
অৰ্চনা মহন্ত আৰু নাই!

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ থকা কন্ঠশিল্পীগৰাকী দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। মহানগৰৰীৰ হেলথ চিটীত চিকিৎসাধীন হৈ থকা কন্ঠশিল্পীগৰাকী বৃহস্পতিবাৰৰ পুৱা ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

উল্লেখ্য যে, খগেন মহন্ত আৰু অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটী আছিল। বহু কালজয়ী গীতত কন্ঠদান কৰা বহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তই এসময়ত অসমীয়া লোক সংগীতৰ ভেটি সমৃদ্ধ কৰিছে।

১৯৬৫চনত অৰ্চনা মহন্ত বিবাহপাশত আৱদ্ধ হৈছিল খগেন মহন্তৰ সৈতে। তেওঁৰ পুত্ৰ অংগৰাগ মহন্তও দেশৰে এজন প্ৰতিষ্ঠিত গায়ক। অৰ্চনা মহন্ত আৰু খগেন মহন্তই দ্বৈতভাৱে গোৱা চিৰসেউজ গীতবোৰ আজিও জনপ্ৰিয় হৈ আছে। খগেন মহন্ত আৰু অৰ্চনা মহন্ত আছিল শিল্পী সত্ত্বাৰে মহিয়ান এক অনন্য যুটী। ২০১৪চনত বিহু গীতৰ সম্ৰাট তথা অৰ্চনা মহন্তৰ স্বামী খগেন মহন্তৰ মৃত্যু হৈছিল।