স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে শিল্পী অপূৰ্ব বেজবৰুৱাৰ…

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে শিল্পী অপূৰ্ব বেজবৰুৱাৰ…

author-image
asomiyapratidin
New Update
স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে শিল্পী অপূৰ্ব বেজবৰুৱাৰ…

ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ। সোমবাৰে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অপূৰ্ব বেজবৰুৱাৰ বৰ্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে। দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী গৰাকীক অহৰহ চিকিৎসকৰ নিৰীক্ষণত আছে।

Advertisment

উল্লেখ্য যে সোমবাৰে পুৱা প্ৰায় ১০ বজাত শিল্পীগৰাকীয়ে শাৰীৰিক অসুস্থতা অনুভৱ কৰে আৰু ইয়াৰ পিছতে তেওঁ অচেতন হৈ পৰে। ইয়াৰ লগে লগে তেওঁক এম্বুলেন্সৰ জৰিয়তে দিছপুৰ পলিক্লিনিকলৈ লৈ যোৱা হয় আৰু তেতিয়াৰে পৰা তেওঁ তাতেই চিকিৎসাধীন হৈ আছে।