/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/98722b04-962a-4dba-960e-fc6d9323c7ca.jpg)
প্ৰকাশ মহন্ত
:- বৰদেউতা মই অপু, ইবাৰো ফাৰ্ষ্ট হৈছু দক।
-উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টৰ দিনা ফোন কৰি এনেদৰে খবৰটো দিয়া ল'ৰাটো কোন আছিল প্ৰথমে মই মনত পেলাব পৰা নাছিলো। নিশা কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পিছত মামাকেও ফোন কৰিছিল। তেতিয়াহে গম পালো দুবছৰৰ পূৰ্বে এনেদৰেই ফোনত এদিন মেট্ৰিকত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ খবৰ দিয়া বৰকুৰিহাৰ চিন্ময়েই আছিল অপু।
মোৰ চকুত লগে লগে ভাহি উঠিছিল দুৰ্ঘটনাতপতিত হৈ অকালতে প্ৰাণ দিয়া পিতৃৰ মুখাগ্নি কৰা মৰম লগা কণমানি এটা ল'ৰাৰ চলচলিয়াচকুহাল। সেয়া আছিল ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহ মানৰ কথা। নলবাৰীৰ বৰকুৰিহা গাঁৱত ঘৰেঘৰে পেপাৰ বিলোৱা ৰমেন কলিতাই সেইকেইদিন আৰু কেইখনমান বাতৰি কাকত সৰহকৈ কেনেদৰেবেচিব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। চাইকেলখনৰ গতিবেগো বাঢ়িছিল। এমাহপিছতে আছে বৰপুত্ৰ চিন্ময়ৰ মেট্ৰিক পৰীক্ষা। টিউচন দিয়াটো সম্ভৱ নহ'লেও বাকী খিনিযোগাৰ কৰাত অসুবিধা নহয়, তাৰ বাবেই পাৰ্যমানে চেষ্টা কৰিছিল তেওঁ। কিন্তু নিয়তিয়েএইবোৰলৈ নাচায়। সেয়ে আকস্মিকভাৱে বাইকৰ এক সৰু খুন্দাতে প্ৰাণ হেৰুৱাইছিল গাঁওখনৰসকলোৰে মৰমৰ ৰমেন কলিতা নামৰ পৰিশ্ৰমী ডেকাজনে।
পিছদিনা পুৱা বাঁহবাৰীখনৰ মাজত সজা চিতাৰ চৌপাশে অগণন লোক। হকাৰ জনৰ জনপ্ৰিয়তা উদ্ভাষিত হৈছিল এই উপস্থিতিৰ মাজেৰে। ভিৰৰ মাজত থিয় দি থাকোতে মোৰো দুচকু সেমেকি উঠিছিল। ৰমেন কলিতাক মই নাজানো। কাষত থকা ৰুবুলেই কৈ গৈছিল সকলো। 'অসমীয়া প্ৰতিদিন' কাকতখনক তেওঁ কিদৰে ভালপায়, ল'ৰা দুটাক ভালকৈ পঢ়ুৱাই মানুহ কৰাৰ বাবে কিমান কষ্ট কৰে ইত্যাদি কথা কৈ কান্দি পেলোৱা ৰুবুলে কৈছিল কেইদিনমানৰ পিছতে সি মেট্ৰিক পৰীক্ষাত বহিব লাগিব। কিন্তু এতিয়া বাপেকটো এনেকৈ মৰি যোৱাৰ পিছত পৰীক্ষাৰ কথা বাদেই খাবলৈকে সিহঁতৰ ভাত নাথাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/22da06b4-860e-4c81-bcb6-8a2be68ae42b-1-1024x674.jpg)
শ্মশানৰ সকলো কাম শেষ হোৱালৈকে ৰৈ গৈছিলোমই। এটা সময়ত চিন্ময়ক আদৰেৰে কাষলৈ মাতি যথাসাধ্য বুজনি দিয়াৰ বাবে চেষ্টাকৰিছিলো। তাক কৈছিলো- দেউতাৰাই কাগজ বিক্ৰী কৰিছিল, খবৰ কাকতৰ যোগানিয়াৰৰ বৃত্তিটোদেখাতহে সৰু, প্ৰকৃতাৰ্থত অতি মহৎ বৃত্তি। কিয়নো তাৰ জৰিয়তেই পুৱাতে মানুহবোৰে পৃথিৱীৰখবৰবোৰ পায়। এই নিৰ্ভেজাল বৃত্তিটোৰ ভৰষাতে তুমি আগবাঢ়িব লাগিব। পৰীক্ষালৈকেপঢ়া-শুনাৰ মাজতে তুমি এই কাম কৰিব লাগিব। শ্ৰাদ্ধলৈকে এয়া মামাৰাই কৰি দিব। বয়সতসৰু হ'লেও ভায়েক, মাকসহ পৰিয়ালটোৰ দায়িত্ব যে তেতিয়াৰ পৰা সি ল'ব লাগিব এই কথাই সিহয়তো সেই মুহূৰ্ততে বুজিছিল। সি কৈছিল- মামা মই দেউতাৰ বৃত্তিটো নেৰো। সেই কামটোকৰি থাকিলে দেউতাও থকাৰ দৰে লাগিব আৰু কেইটামান পইচাৰ উপাৰ্জনো হ'ব।
সেই মুহূৰ্তত কোৱাৰ দৰেই কথা ৰাখিছিলচিন্ময়ে। বৰং ৫০ কপিকৈ পেপাৰ বিক্ৰী কৰা ৰমেন কলিতাৰ পুত্ৰ চিন্ময়ে এমাহৰ ভিতৰতেএয়া বৃদ্ধি কৰিছিল ৮০ কপিলৈ। মাজত যোগাযোগ সিহঁতৰ লগত আৰু নাছিল যদিও গংগাপুখুৰীউচ্চতৰ মাধ্যমিকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া চিন্ময়ে ২০১৭ চনৰ ৩০ মে'ৰদিনা ফোন কৰি কৈছিল- বৰদেউতা আজি ৰিজাল্ট দিছি ন। ফাষ্ট পাইছু। লেটাৰো পাইছু।
অজান এক আনন্দত বুকুখন মোৰ ফুলি উঠিছিল।দুদিন পিছত সিহঁতৰ ঘৰ ওলাইছিলোগৈ। তাৰ পিছত পাৰ হৈ গ'ল ২টা বছৰ। চিন্ময়ে পিছেপিতৃৰ বৃত্তিটো ধৰি ৰখাৰ সমানে মোক দিয়া প্ৰতিশ্ৰুতি ৰখাৰ প্ৰচেষ্টাও অব্যাহতৰাখিলে। মইহে প্ৰায় পাহৰি পেলাইছিলো চিন্ময় বা অপুক!
এইবাৰ সি পৰীক্ষা দিছিল দক্ষিণ নলবাৰীমহাবিদ্যালয়ৰ পৰা। উচ্চতৰ মাধ্যমিকত লেটাৰ মাৰ্ক নাথাকিলেও প্ৰথম বিভাগতে উত্তীৰ্ণহৈছে সি। গাঁওখনতো সকলোৱে বোলে দেউতাকতকৈও তাক বেছি মৰম কৰে। এই মৰম সি পিতৃহীনঅথবা বাতৰি কাকত বিলাই পঢ়া-শুনা কৰা চোকা ল'ৰা সেইবাবেই নহয়, মৰম কৰিব পৰাকৈ বহুভাল গুণৰ অধিকাৰী হৈ উঠিছে অপু। মাথো মাকৰ চিন্তা- স্নাতক পৰ্যায়ত পঢ়াৰ হেঁচাযিহেতু বাঢ়ি আহিব পেপাৰ বিলাবলৈ সময় জানো সি পাব? ভায়েকটোও সৰু হৈ আছে। এতিয়া সিসপ্তমমান শ্ৰেণীৰ ছাত্ৰ।
অপুৰ পিছে সেই চিন্তা নাই। মামাকৰ মতে সিএতিয়াতকৈও বেছি মনপুতি পঢ়াৰ সমানে পেপাৰ বিলোৱাৰ উপৰিও আন কামো কৰিব। ময়ো আশা কৰোঅপু তেনেদৰেই ডাঙৰ হওক। য'ত কাৰো পুতৌৰ পাত্ৰ হ'ব নালাগে। নিজৰ ভৰিত নিজে থিয়দিয়াৰ সামৰ্থ আহৰণেৰে আনৰ বাবেও সি আদৰ্শ হৈ উঠক।