২ বছৰ ৯ মাহৰ অন্তত এ পি এছ চি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ…

২ বছৰ ৯ মাহৰ অন্তত এ পি এছ চি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ…
  • মঙলবাৰে দাখিল কৰা হয় এপিএছচি কেলেংকাৰীৰ তদন্তৰ অন্তিমখন অভিযোগনামা।
  • ২ বছৰ ৯ মাহৰ তদন্তৰ অন্তত ন্যায়ালয়ত দাখিল অভিযোগনামাখন।
  • তদন্তকাৰী বিষয়া সুৰজিত সিং পানেছাৰে দাখিল কৰে এই অভিযোগনামা।
  • বিষয়াগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়-
  • 'এ পি এছ চিৰ তদন্ত সম্পূৰ্ণ হ'ল।'
  • 'লাভ কৰা সকলো প্ৰমাণ দাখিল কৰিলো।'
  • 'আটাই কেইজন অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰা হ'ল।'
  • উল্লেখ্য যে, মুঠ ৪২১জন এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ পাৰ্থীক সামৰি এই তদন্ত কৰা হৈছিল।
  • লগতে বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে-
  • 'নথিপত্ৰ বহুত আছিল।'
  • 'নথিপত্ৰসমূহ আহমেদাবাদ, হায়দৰাবাদলৈ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লগা হৈছিল।'
  • সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত দাখিল কৰা হ'ল ১১খন অভিযোগনামা।
  • ইফালে, বৰ্তমানেও ৪ অভিযুক্ত পলাতক।
  • পলাতক অভিযুক্ত কেইজন ক্ৰমে- ড০ মৃগেন শইকীয়া, ৰাজীৱ পাল, মফিদুল ইছলাম আৰু সুদীপ দাস।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in