আজি অসম চৰকাৰৰ ১১টা বিভাগৰ ৬৫৫টা পদৰ বাবে বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ...

author-image
Asomiya Pratidin
New Update
আজি অসম চৰকাৰৰ ১১টা বিভাগৰ ৬৫৫টা পদৰ বাবে বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ...

ডিজিটেল ডেস্ক : সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলৰ পাছত শনিবাৰে অসম চৰকাৰে বিতৰণ কৰিব এই পদসমূহৰ নিযুক্তি পত্ৰ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দিনৰ ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া এই অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অসম লোকসেৱা আয়োগৰ অন্তৰ্গত বিভাগ সমূহৰ ওপৰিও জলসিঞ্চন বিভাগৰো পদ সমূহৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব অনুষ্ঠানটিত ।

Advertisment

সৰ্বমুঠ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰৰ পূৰ্বৰ ৩৯,০১৯ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ পাছত এইবাৰ অসম চৰকাৰৰ ১১টা বিভাগ যেনে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্ন সংলগ্ন সেৱাৰ সৈতে জলসিঞ্চন বিভাগত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীয়ে শনিবাৰে লাভ কৰিব নিযুক্তি পত্ৰ ।

ইয়াৰে কৰ্মচাৰী বিভাগত ১২০ গৰাকী প্ৰাৰ্থী. গৃহ বিভাগত ৬৯ গৰাকী, বিত্ত বিভাগত ৩৩ গৰাকী, পৰিবহণ বিভাগত ০৫ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, আবকাৰী বিভাগত ০৭ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫ গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩ গৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ০৪ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী আনহাতে উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি ।

assam apsc ASSAM GOVERNMENT