এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ কাৰ্যকৰী সভা

এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ কাৰ্যকৰী সভাঃ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ কাৰ্যকৰী সভা

ডিজিটেল ডেস্কঃ শনিবাৰে মহানগৰীত অনুষ্ঠিত হয় এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ তৃতীয় কাৰ্যকৰী সভা। অসম সাহিত্য সভা ভৱন প্ৰাংগনত অনুষ্ঠিত হোৱা এই সভাত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে আলোচনা কৰাৰ উপৰি বেংকৰ এটা অতি গুৰুত্বপূৰ্ণ শাখাত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ বাবে আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে কৰ্মচাৰী ইউনিয়নে।

Advertisment

উল্লেখ্য যে, এপেক্স বেংকৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বেংকটোৰ কৰ্মচাৰীসকলে নিয়ম অনুসৰি প্ৰাপ্য মজুৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে। চৰকাৰী নীতি উলংঘা কৰি এপেক্স বেংকে একাংশ কৰ্মচাৰীৰ ক্ষেত্ৰত নিৰ্ধাৰিত ডি.এ ১৪ শতাংশত কৈ কম দি অহাৰ কথা অৱগত কৰে। তদুপৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলে দীৰ্ঘদিনে কাম কৰি আহিছে যদিও প্ৰতিশ্ৰুতি অনুসৰি নিয়মীয়াকৰণ নকৰাৰ কথাও সভাত সভাপতি আগত ব্যক্ত কৰে। এই সমস্যাসমূহ সমাধানৰ বাবে সভাই আলোচনাৰ মাধ্যমেৰে উচিত তথ্য সহিতে আইনৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইপিনে এই সভাতে এপেক্স বেংক দিশপুৰ শাখাত কোটিটকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে। কৰ্মচাৰী ইউনিয়নে জানিব দিয়া অনুসৰি এই কেলেংকাৰীত নাম উচ্চাৰিত হোৱা শাখা প্ৰৱন্ধকগৰাকীক ইতিমধ্যেই শাস্তিমূলক বদলি দিয়া হৈছে। উক্ত সভাৰ মজিয়াৰ পৰাই এই কেলেংকাৰীৰ উচিত তদন্ত দাবী তোলে কৰ্মচাৰী ইউনিয়নে।

উল্লেখ্য যে, এই তৃতীয় কাৰ্যকৰী সভাৰ সভাপতিত্ব কৰে এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

Also Read: ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?

Apex Bank of India