/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bikhekh-lekha-copy.png)
মৃদুল কুমাৰ সন্দিকৈ
হঠাৎ নগাওঁ চহৰৰ মাজমজিয়াত শিৱ-পাৰ্ৱতীৰ কাজিয়া। দুয়ো আহিছিল এখন বুলেটত। মহাদেৱৰ বেশধাৰি যুৱকে ক'লে- 'পেট্ৰ'ল নাইকীয়া হ'ল, চেহ্ কি কৰা যাব এতিয়া?' পাৰ্ৱতী ৰূপী যুৱতীৰ আক্ষেপ- 'মই আপোনাক কালিৰে পৰাই কৈ আছিলো নে নাই, যে আপুনি পেট্ৰ'লখিনি ভালকৈ ভৰাই ল'ব। আপোনাৰ এইটো প্ৰবলেম আজিৰে নহয় নহয়।'
শিৱ ৰূপী যুৱকৰ প্ৰত্যুত্তৰ- 'পেট্ৰ'ল ভৰাবলৈ কি বাপেৰে পইছা দিয়ে নেকি? ১ লিটাৰ পে'ট্ৰলৰ দাম হ'ল ১০০ টকা। ৬২ টকীয়া পে'ট্ৰল আহি ১০০ টকা হ'ল। মই এপোৱা পেট্ৰল যোৱা কালি যেনে তেনে আনি যেনেতনে ভৰাই ৰাখিছো তোৰ বাপেৰৰ ঘৰলৈ যাম বুলি। আৰু এইখিনি আহি ৰাস্তাতে পেট্ৰল শেষ হ'ব আৰু তাৰ কাৰণে কি মই জগৰীয়া হম?'
এনেকৈয়ে দুয়োৰে মাজত তৰ্কাতৰ্কি চলিছিল। পাৰ্ৱতীৰ খং বাপেকৰ নামত ধৰি কিয় কথা ক'ব। তাৰ পাছত শিৱৰ ইটোৰ পিছত সিটো বিস্ফোৰণ। ৪৫০ টকীয়া চিলিণ্ডাৰৰ দাম ১১৫০ টকা হ'ল। ১ লিটাৰ মিঠাতেলৰ দাম ২৫০ টকা হ'ল। মইহে জানো কেনেকৈ সংসাৰ চলাইছো। ১ কেজি ডাইলৰ দাম ১৫০ টকা হ'ল। ১ কেজি আলুৰ দাম ৩০ টকা হ'ল।
শিৱ-পাৰ্ৱতীৰ এই কাজিয়া থানা পালেগৈ। আৰক্ষীয়ে মহাদেৱক গ্ৰেপ্তাৰ কৰিলে। গৰ্জী উঠিল হিন্দুত্ববাদী সংগঠন। কিয় আমাৰ সনাতন ধৰ্মকলৈ এনেদৰে আঘাত কৰিব? কাৰ ইমান সাহস?
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম বিৰিঞ্চি বৰা। আচলতে এইখন আছিল এখন মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাট। শিৱৰ ৰূপত বিৰিঞ্চি বৰাই আৰু পাৰ্ৱতীৰ ৰূপত পৰিস্মিতাই অভিনয় কৰিছিল। কিন্তু সেই প্ৰতিবাদ সহ্য নহ'ল বিজেপি যুৱ মৰ্চা, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ।
ননৈ আৰক্ষী পহৰা চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত বাটৰ নাটৰ জৰিয়তে শিৱৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰা বিৰিঞ্চীক আৰক্ষীয়ে আটক কৰি নগাওঁ সদৰ থানালৈ প্ৰেৰণ কৰিলে। থানাটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। লকআপত সোমাই থকা শিৱক হুংকাৰ দিলে।
আৰক্ষীয়ে আটক কৰি থানালৈ লৈ অনাৰ বাবে হেনো বাচি গ'ল 'শিৱ'। উপাস্য দেৱ-দেৱীৰ নামত এনে উপহাস বা উপলুঙা কৰাটো তেওঁলোকে সহ্য নকৰে বুলিও সকিয়ালে। প্ৰশ্ন হয় এই প্ৰতিবাদ কিয় কৰিবলগীয়া হৈছে? ধৰ্মীয় আৱেগ অনুভূতিত আঘাত হনাটো কাৰোৱেই কাম্য নহয়। কোনো ধৰ্মৰ প্ৰতি সেয়া হ'ব নালাগে।
একেদৰে মূল্যবৃদ্ধিয়ে কোঙা কৰা এই সময়ত এনেদৰে প্ৰতিকী অৰ্থত প্ৰতিবাদ সাব্যস্ত কৰাক তথাকথিত দল, সংগঠনে বাধা দিলেও এদিন ইয়াতকৈ ভয়াবহ প্ৰতিবাদ কিন্তু সাব্যস্ত হ'ব। শ্ৰীলংকাত কি হৈছে? মূল্যবৃদ্ধি, দুৰ্ভীক্ষই কোঙা কৰা ৰাষ্ট্ৰখনত গণবিক্ষোভে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।
ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে বাস কৰা ৰাষ্ট্ৰপতি ভৱন প্ৰতিবাদকাৰীয়ে দখল কৰিলে। ৰাষ্ট্ৰপতি পলাবলৈ বাধ্য হ'ল ৰাষ্ট্ৰপতি ভৱনৰ পৰা। লাখ লাখ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত প্ৰৱেশ কৰি তাত থকা চুইমিং পুলত সাতোৰিলে। নিৰাপত্তাৰক্ষীয়ে কোনো বাধাই দিব নোৱাৰিলে।
গোপন স্থানত আশ্ৰয় ল'বলগা হ'ল ৰাষ্ট্ৰপতি। প্ৰধানমন্ত্ৰীও লক্ষ্য় হৈছে প্ৰতিবাদকাৰীৰ। দ্বীপ ৰাষ্ট্ৰখনত অভূতপূৰ্ব পৰিস্থিতিয়ে বিৰাজ কৰিছে। খাদ্য ইন্ধনৰ অভাৱ। অভাৱনীয় হাৰত মূল্য বৃদ্ধি। মৃত্যুলৈ এতিয়া কোনো প্ৰতিবাদকাৰীয়ে ভয় নকৰে।
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতত ৰাজনৈতিক আশ্ৰয় বিচাৰিছে। মূল্যবৃদ্ধিৰ কুফল এয়া। লাহ-বিলাহৰ মাজত দেশখনৰ নেতা-মন্ত্ৰীয়ে সময় অতিবাহিত কৰাৰ সময়ত এবাৰো ভবা নাছিল জনতা জনাৰ্দনে এই ৰূপ ধাৰণ কৰিব। অসমতো বা ভাৰততো মূল্যবৃদ্ধি এক ডাঙৰ সমস্যা।
বিশেষকৈ অসমত বান পানীৰ পাছত দৈনন্দিন ব্যৱহৃত সা-সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। শাক-পাচলিৰ মূল্যৰ কথা কবই নালাগে। কেৱল বিনামূলীয়া কৈ দিয়া চাউল কেইটাৰ বাদে সকলোবোৰ এতিয়া কিনিব লাগে।
ৰাজ্যত অসামৰিক যোগান বিভাগ এটা আছে যদিও সেয়া অস্তিত্বহীন হোৱাৰ দৰে। যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কোনো ভূমিকাই নাই। বিজেপি নেতা-মন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ সপক্ষে বিভিন্ন সময়ত দাঙি ধৰা মন্তব্য বা যুক্তিয়ে মানুহক হাস্যৰস যোগায়।
কিমান দিনলৈ মানুহে সহ্য কৰিব? বিৰিঞ্চী বৰা নামৰ যুৱক জনে ভাল বা বেয়া কৰিছে সেয়া বিচাৰ্য বিষয় নহয়। কিন্তু বাস্তৱক তেওঁলোকে দাঙি ধৰিছে। সেই কথা অস্বীকাৰ কৰিব কিন্তু কোনেও নোৱাৰে। জীৱন এতিয়া নচলাৰ দৰে হৈছে।
দৈনিক হাজিৰা কৰা এজন মানুহৰ আয় একেই আছে। ব্যয় বাঢ়িছে। একেদৰে মধ্যবিত্ত শ্ৰেণীটোকো মূল্যবৃদ্ধিৰ মাধমাৰে কোঙা কৰি পেলাইছে। ধনী শ্ৰেণীয়ে এইবোৰ সমস্যাৰ কথা অনুভৱ নকৰে। এনে এটা অৱস্থা হ'ব- চৰকাৰে হিতাধিকাৰী সৃষ্টিৰে দৰিদ্ৰ শ্ৰেণীটোক পোহপাল দি বিভিন্ন আঁচনিৰ সৃষ্টিৰে হিতাধিকাৰী সৃষ্টিৰে ৰাজনৈতিক ভাৱে নিজকে সুৰক্ষিত কৰিব।
মূল্যবৃদ্ধিৰ বাবে এদিন বিজেপিয়েও জানো প্ৰতিবাদ কৰা নাছিল? গৰু গাড়ী চলাই, চিলিণ্ডাৰ ঠেলাত তুলি প্ৰতিবাদ সাব্যস্ত কৰাবোৰে এতিয়া এইবোৰ সমস্যাত মাত নামাতে। সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা লোকসকলৰ মৰ্ম বেদনা আচলতে কোনেও বুজিব নোখোজে।
বিৰোধী পক্ষত থকা সময়ত ৰাইজৰ অভাৱ, অভিযোগ, সুখ, দুখ হৃদয়ংগম কৰা বুলি ভবা সকলে এতিয়া মূল্যবৃদ্ধিৰ প্ৰতিবাদো সহ্য কৰিব নোৱাৰে। এয়া কেৱল ধৰ্মীয় চিন্তা, চেতনাৰে চোৱা এক দৃশ্য নহয়। যদি তেওঁলোকে ভুল কৰিছে তেনেহ'লে সেই বিচাৰ আইনে কৰিব।
কিন্তু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা সকলৰ ওপৰত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা বা আৰাধ্য দেৱ-দেৱীক তুচ্ছ তাৎচিল্য কৰাৰ অভিযোগ দাখিলেৰে সাময়িক ভাৱে বিষয়টোক আন ফালে ঢাল খোৱাব পাৰিলেও সময়ে কিন্তু ইয়াৰ উত্তৰ দিব। সেই জটিল সন্ধিক্ষণত শ্ৰীলংকাৰ দৰে গণ বিক্ষোভৰ সৃষ্টি হ'লে শাসনত থকা সকলে থৰকাছুটি হেৰাব।
গতিকে মূল্য বৃদ্ধিৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰা ভাল। প্ৰতিবাদৰ ভাষা চৰকাৰেও শুনক। সকলোতে ধৰ্মীয় ৰহন সানি মূল বিষয় এৰাই চলিব খুজিলে সাময়িক ভাৱে ইয়াৰ পৰা উপশম পালেও ইয়াৰ প্ৰভাৱ কিন্তু ভৱিষ্যতে বৰ বেয়াকৈ পৰিব।
আনহাতে হৰ হৰ মহাদেৱৰ দৰে শিৱক স্তুতি কৰা শ্লোগান যেতিয়া ৰাজনৈতিক শ্লোগান হয়, কোনো ব্যক্তি বিশেষক তাৰ লগত তুলনা কৰে তেনে সেয়া শিৱক অপমান কৰাৰ দৰে হয় নে নহয়? যি সকলে শিৱক পূজা কৰে তেওঁলোকৰ হৃদয় আৰু অন্তৰত শিৱ থাকে। এনোবোৰ প্ৰতিবাদৰ ভাষাই তেওঁলোকক ব্যথিত নকৰে। ব্যথিত কৰে সেই সকলক যিসকলে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি সকলো কথা দমাই ৰাখিব বিচাৰে, প্ৰতিবাদ সহ্য নকৰে।