সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে গৌৰৱ গগৈয়েঃ উল্লেখ কৰিলে পত্নীৰ প্ৰসংগও...

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দায়িত্ব দিয়াৰ বাবে দলটোৰ নেতৃত্বক কৃতজ্ঞতা জনাইছে।

author-image
Tushar Pratim
New Update
সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে গৌৰৱ গগৈয়েঃ উল্লেখ কৰিলে পত্নীৰ প্ৰসংগও...

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ জৰিয়তে সাংসদ গৰাকীয়ে তেওঁক এই দায়িত্ব প্ৰদান কৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছে। 

এক্সত এক পোষ্টত লোকসভাৰ বিৰোধী উপ দলপতিগৰাকীয়ে কয়, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ডাঙৰীয়াক মোক বিশ্বাস কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো। 

তেওঁ কয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দলটোক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল আৰু দলটোলৈ বহু অৱদান আগবঢ়াইছিল। মোৰ পথ প্ৰদৰ্শক পিতৃ-মাতৃ আৰু পৰিয়াল বিশেষকৈ পত্নী আৰু সন্তানৰ সমৰ্থন অবিহনে  মই এই পৰ্যায়ত নাথাকিলো হেতেন। 

গগৈয়ে আৰু কয়, অসমত কংগ্ৰেছ দলৰ নিষ্ঠাবান আৰু প্ৰেৰণ যোগান ধৰি অহা জ্যেষ্ঠ নেতা, কৰ্মীৰ সৈতে কাম কৰাটো আশীৰ্বাদ। তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে। জ্যেষ্ঠ আৰু সতীৰ্থসকলৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী। 

নেতৃত্ব লোৱাৰ সময়ত অসমবাসী ৰাইজৰো আশীৰ্বাদ বিচাৰি গগৈয়ে আৰু কয়, আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিম। মোৰ বিশ্বাস  আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তুলিব পাৰিম। জয় আই অসম, জয় হিন্দ। 

কংগ্ৰেছ গৌৰৱ গগৈ