/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/flood-16.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ। ডিমা হাচাও জিলাত প্ৰচণ্ড বৰষুণৰ ফলত বান আৰু ভূমিস্খলন অব্যাহত আছে। আনহাতে বান আৰু খহনীয়াৰ বাবেই বৰাক উপত্যকা একপ্ৰকাৰে অসমৰ পৰা বিচিন্ন হৈ পৰিছে। এন এফ ৰেলৱেই বাতিল কৰিছে ১৭ খনকৈ ৰেল। বায়ু সেনাই ৰেলৱে ষ্টেচনত আৱদ্ধ লোকসকলক উদ্ধাৰ অভিযান চলাইছে।
ইফালে কপিলী নৈৰ পানী বৃদ্ধি পোৱাৰ ফলত খানদং বান্ধৰ ওপৰৰ জলস্তৰ বৃদ্ধি পোৱাত খুলি দিবলগীয়া হৈছে বান্ধৰ গেট। ফলত কপিলীপৰীৰ দুয়োপাৰে বানৰ তাণ্ডৱ অব্যাহত আছে।
গহপুৰতো বানে লৈছে ভয়ংকৰ ৰূপ। গহপুৰত ছত্রঙৰ বাঢ়নী পানীয়ে কেইবা ঠাইতো ছিঙিলে মথাউৰি। গহপুৰ নগৰত ৰাষ্ট্রীয় ঘাইপথ আৰু দলঙৰ ওপৰেৰে বাগৰিছে পানী। আনহাতে ছিপাঝাৰৰ খলিহৈ অঞ্চলত ননৈ নদীয়ে চলাইছে তাণ্ডৱ। ননৈ নদীৰ বাঢ়নী পানীৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ খহনীয়া।
কামপুৰত আকৌ কপিলী নদীয়ে অব্যাহত ৰাখিছে তাণ্ডৱ। কপিলীৰ বানে ভাঙি নিলে সৰুপথাৰ ৪৮ ব্লকৰ মথাউৰি। ফলত জলমগ্ন হৈ পৰিছে খকনজুৰি, পূব ডেকেৰুৱা, পশ্চিম ডেকেৰুৱা, ভেৰভেৰিকে ধৰি বহুকেইখন গাওঁ। মথাউৰি ভঙাৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।
দিমিলা নদীৰ পানী বৃদ্ধি পোৱাৰ ফলতো দিমিলাই লৈছে ভয়াৱহ ৰূপ। দিমীলাৰ বাঢ়নি পানিয়ে দিপীলাৰ ৫খনকৈ গাওঁ জলমগ্ন কৰি তুলিছে। বানত বুৰিল ভেৰুৱাদল, হুছেইনচুবুৰী, কাহিতলি, গভৰা, বিহাইগাঁও।
ক্লিক কৰি পঢ়কঃ কামপুৰত কপিলী নদীৰ বানে ভাঙিলে মথাউৰি…