বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘হৃদয় এক বিজ্ঞাপন’ বড়ো ভাষাত অনুবাদ…

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘হৃদয় এক বিজ্ঞাপন’ বড়ো ভাষাত অনুবাদ…

author-image
asomiyapratidin
New Update
বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘হৃদয় এক বিজ্ঞাপন’ বড়ো ভাষাত অনুবাদ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত সোমবাৰে দুটাকে নৱনিৰ্মিত জিৰণি গৃহ মুকলি আৰু গ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সোমবাৰৰ অনুষ্ঠানত "সাদিন-প্ৰতিদিন গোষ্ঠী"ৰ সপ্তাহিক বাতৰি কাকত 'সাদিন' আৰু মাহেকীয়া আলোচনী 'সাতসৰী'ৰ সম্পাদক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে অংশ গ্ৰহণ কৰে ।

Advertisment

প্ৰথমতে লেখিকাগৰাকীয়ে মহাবিদ্যালয়খনৰ নতুনকৈ নিৰ্মাণ কৰা ছাত্ৰ জিৰণি কোঠা এটা মুকলি কৰি ভাল চিন্তা কৰিবলৈ আজৰি সময়ৰ প্ৰয়োজন বুলি কয়। এই আজৰি সময়খিনি মুকলি কৰা জিৰণি কোঠাটোত বহি ছাত্ৰ সকলক ভাল চিন্তাৰে ভাল কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিচত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা জিৰণি কোঠা এটা মুকলি কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মাই।

মহাবিদ্যালয়খনৰ সোমবাৰৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ তপন দত্তই সভাপতিত্ব কৰা সভাখনত অধ্যক্ষগৰাকীয়ে এই সভাত উপস্থিত থকা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মাপূজাৰী, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, শিক্ষাবিদ অনিল বড়োকে ধৰি আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰে । মহাবিদ্যালয়খনৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপিকা ভৈৰৱী বড়োই বড়ো ভাষাত অনুবাদ কৰা বিশিষ্ট লেখিকাগৰাকীৰ প্ৰথম উপন্যাস 'হৃদয় এক বিজ্ঞাপন'ৰ 'গৌৰবৌআ মৌনছে ফৌসাওদৌংনায় " -শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গবেষণা বিভাগৰ মুৰব্বী অধ্যাপক অনিল বড়োই।

গ্ৰন্থ উন্মোচন কৰি মুৰব্বী অধ্যাপক অনিল বড়োই নিজকে পৰম সৌভাগ্যবান হোৱা বুলি অনুভৱ কৰে। বড়ো ভাষা অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হোৱাৰ পিচত ৰীতা চৌধুৰী, অৰূপা পটেঙ্গীয়কে ধৰি বহু বিশিষ্ট লেখকৰ গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ হোৱাৰ কথা তেওঁ ভাষণত জানিবলৈ দিয়ে। অনুবাদ এক জটিল কলা বুলি আখ্যা দি পূৰ্বতে অনুবাদক সকলোক নিম্ন পৰ্যায়ৰ লেখক বুলি গণ্য কৰিছিল যদিও আজি কালি অনুবাদককো লেখকৰ একে পৰ্যাৰ লেখক হিচাপে গণ্য কৰে বুলি উল্লেখ কৰে। সভাখনত বিশিষ্ট অতিথিৰ আসন শুৱণি কৰা হৃদয় এক বিজ্ঞাপনৰ স্ৰষ্টা অনুৰাধা শৰ্মা পূজাৰীয়ে ১৯৯৮ বৰ্ষত ছপা হৈ ওলোৱা উপন্যাসখন বড়ো ভাষাত অনুবাদ কৰাৰ বাবে অনুবাদক ভৈৰৱী বড়োক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰে।

লেখিকাগৰাকীয়ে কলকতাৰ বিজ্ঞাপন বিভাগত কাম কৰি থাকোতে কলকতাৰ পটভূমিত লেখা উপন্যাসৰ পৰা যোৱা ২২বছৰ ধৰি ৰয়েলেটি লাভ কৰি আহিছে বুলি জানিবলৈ দি বিশিষ্ট লেখিকাগৰাকীয়ে ষ্টুডেণ্ট কৰ্ণাৰে প্ৰকাশ কৰি উলিওৱা উপন্যাসখনক আজিৰ তাৰিখলৈকে পঢ়ুৱৈ ৰাইজে অশেষ মৰম-আদৰেৰে আকোৱালি লোৱাত ধন্যবাদ জনায়। বিজ্ঞাপন বিভাগত কাম কৰা সূত্ৰে সৰু সৰু মানুহৰ মনৰ কথাবোৰ জানিবলৈ সুযোগ পাইছিল বুলি সদৰি কৰি মানুহে দেখা আৰু বুজাৰ উপৰিও প্ৰকৃত মানুহজনক চিনিবলৈ এক বিশেষ দৃষ্টিৰ প্ৰয়োজন আৰু মানুহবোৰে যে আনক দেখুৱালৈ নিজে বিজ্ঞাপনৰ শাৰীলৈ গৈ আছে এনে কথাবোৰ হৃদয় এক বিজ্ঞাপন উপন্যাসখনত উল্লেখ আছে বুলি জনিবলৈ দিয়ে।

লেখিকাগৰাকীৰ বড়ো ভাষাত অনুবাদ হোৱা 'চাহেবপুৰাৰ বৰষুণ'ৰ দ্বিতীয় সংস্কৰণো ইতিমধ্যেই প্ৰকাশ হৈছে বুলি জনায়। ভাষা মানুহৰ সঞ্জীৱনী শক্তি আৰু আত্মা বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰি এনেদৰে বিভিন্ন ভাষাত গ্ৰন্থ অনুবাদৰ জৰিয়তে মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । সভাখনত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক উদ্দেশ্যে ৰাজনীতিয়ে কলূষিত কৰা মনবোৰ নিকা কৰিবলৈ শিক্ষাৰ্থী সলক লেখাত মনোনিবেশ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

সভাখনত অংশ গ্ৰহণ কৰা বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো সম্প্ৰতি সমাজখনত হোৱা যুৱ উশৃংখলতাত উদ্বেগ প্ৰকাশ কৰে । একাংশ সংবাদ মাধ্যম আৰু সাংবাদিকৰ ভূমিকাকো সভাপতিগৰাকীয়ে তীব্ৰ সমালোচনা কৰে। সোমবাৰ সভাখনত মহাবিদ্যালয় সপ্তাহত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থীক পুৰস্কাৰ বিতৰণ কৰে। সভাত অংশ গ্ৰহণ কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ৰুমীতা ফুকন, স্বাধীন বড়োকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে।