গাঞ্জা সৰবৰাহকাৰী ৰূপত বহিঃ ৰাজ্যৰ মহিলা গেং...

লামডিং ৰেলৱে জংচনত গাঞ্জা বিৰোধী অভিযান RPF আৰু GRPৰ । এই অভিযান কালত গাঞ্জা সৰবৰাহ ৰূপত বহিঃৰাজ্যৰ মহিলা গেং লামডিং ৰেল আৰক্ষীৰ জালত পৰিছে ৷
গাঞ্জা সৰবৰাহকাৰী ৰূপত বহিঃ ৰাজ্যৰ মহিলা গেং...

ডিজিটেল সংবাদ, লামডিংঃ লামডিং ৰেলৱে জংচনত গাঞ্জাৰ বিৰোধী অভিযান RPF আৰু GRPৰ । এই অভিযান কালত গাঞ্জা সৰবৰাহ ৰূপত বহিঃৰাজ্যৰ মহিলা গেং ৰেল আৰক্ষীৰ জালত পৰিছে ৷

লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ গাঞ্জা সহ ১৩ গৰাকী বহিঃৰাজ্যৰ পৰা অহা বিহাৰৰ মহিলাসকলক আটক কৰে ৰেল আৰক্ষী RPF আৰু GRPৰ দলে । RPF ৰ CIB দলৰ গোপন সূত্ৰৰ পমখেদি ট্ৰেইন নন্বৰ ১৩১৭৪ নামুনিমুৱা সিয়ালদা কাঞ্চনজঙ্গা ট্ৰেইনৰ পৰা ৰেল আৰক্ষী RPF আৰু GRP তলাচি চলাই ১৩ গৰাকী মহিলাৰ পৰা গাঞ্জা জব্দ কৰে।

আগৰতলাৰ আমবাসাৰ পৰা বিহাৰলৈ গাঞ্জা কাঞ্চন জংগা এক্সপ্ৰেছ ট্ৰেইনত সৰবৰাহ কৰাৰ সময়তে লামডিং ৰেল ষ্টেচনত আটক কৰে লামডিং ৰেলৱে আৰক্ষীয়ে ৷

জানিব পৰা মতে মহিলাসকলৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৪০ খন পেকেটত বৃহৎ পৰিমানৰ গাঞ্জা । গাঞ্জা সৰবৰাহ কৰা মহিলা সকলৰ নাম হল ক্ৰমে গীতা দেৱী (৪০), সুনীতা দেৱী বয়স (৩৭), নানকী দেৱী (৩০) , অনিতা দেৱী বয়স (৩০) , হিমা দেৱী বয়স (৩৫), পিংকী দেৱী (২৮), মমতা দেৱী (৩০) , ৰুনা দেৱী (৪০), ফুল দেৱী (৪০) , শুলেখা দেৱী ৫০, লক্ষ্মী দেৱী ৬৫, জানকা দেৱী (৩০), উসা দেৱী (৪০) । জানিব পৰা মতে সকলো মহিলাসকল বিহাৰ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহিছে ৷

এই বৃহৎ মহিলা গাঞ্জা গেং ৰ লগত কোন কোন জৰিত আছে ৷ প্ৰকৃত তদন্তৰ পিছতহে মূল ঘটনা পোহৰলৈ আহিব ৷

ৰেল আৰক্ষীয়ে জানিব দিয়া অনুসৰি জব্দ কৰা গাঞ্জা ওজন প্ৰায় ২২.৬ কেজি । জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য প্ৰায় Rs.২,২০,৬০০ টকা ৷ OC/GRP/LMG Case Regd No. 39/2023. U/S- 20(b) (ii) (c) 29 NDPS Act. গোচৰ ৰুজো কৰিছে ৷ লামডিং ৰেল আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

গাঞ্জা সৰবৰাহকাৰী ৰূপত বহিঃ ৰাজ্যৰ মহিলা গেং...
জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ফেচবুক পোষ্ট দি জিলা সভাপতিৰ দায়িত্ব হেৰুৱালে হেমন্ত বৰ্মনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in