বিশ্বনাথত দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

বিশ্বনাথত দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
বিশ্বনাথত দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

প্ৰতিদিন ডিজিটেল সংবাদ, বিশ্বনাথঃ কাজিৰঙাত গঁড় হত্যাৰ বাবে এতিয়া নিতৌ নতুন পৰিকল্পনাৰে ব্যস্ত হৈ পৰিছে চোৰাং চিকাৰী। বৃহস্পতিবাৰে এটা চোৰাং চিকাৰী আৰক্ষী আৰু বন বিভাগৰ লোকে আটক কৰাৰ পিছত পুনৰ জালত পৰিছে আন এটা চোৰাং চিকাৰী।

শনিবাৰে কাজিৰঙা নৰ্দান ৰেঞ্জে আজিজুৰ ৰহমান নামৰ এজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত আজিজুৰ ওৰফে বেৰিক ২০১৬ বৰ্ষৰ বাগৰি ৰেঞ্জৰ ষষ্ঠ সংযোজনৰ এটা গঁড় হত্যাৰ গোচৰত বিশ্বনাথ চাৰিআলিৰ সাধাৰুৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে আজিজুৰৰ ভাতৃ হাবিবুৰ ৰহমান ওৰফে কাটিখোৱাক যোৱা দুই আগষ্টত কাজিৰঙা নৰ্দান ৰেঞ্জে বিশ্বনাথ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল। ধৃত আজিজুৰ গঁড় হত্যাৰ বাবে অস্ত্ৰ যোগান ধৰাৰ গোচৰত অভিযুক্ত বুলি কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে।