আকৌ আন্না হাজাৰেঃ ভেলেণ্টাইন দে’ৰ পৰা কৰিব আমৰণ অনশন….

আকৌ আন্না হাজাৰেঃ ভেলেণ্টাইন দে’ৰ পৰা কৰিব আমৰণ অনশন….

author-image
asomiyapratidin
New Update
আকৌ আন্না হাজাৰেঃ ভেলেণ্টাইন দে’ৰ পৰা কৰিব আমৰণ অনশন….

ডিজিটেল ডেস্কঃ আকৌ আন্না হাজাৰে। প্ৰবীণ গান্ধীবাদী নেতাগৰাকীয়ে পুনৰ আৰম্ভ কৰিবলৈ লৈছে অনশন। লোকপাল বিধেয়ক আন্দোলনৰ পৃষ্ঠপোষকতাৰে দেশজুৰি এক গণ আন্দোলনৰ সূচনা কৰিবলৈ সক্ষম হোৱা আন্না হাজাৰে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰে চুপাৰ মাৰ্কেটত সুৰা বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰাৰ বিৰোধিতাৰে পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে অনশন কাৰ্যসূচী। আন্নাই আগন্তুক ১৪ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ কৰিব এই অনশন।

Advertisment

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ লিখা এখন পত্ৰত আন্নাই কয় যে, চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অনশন কৰিবলৈ বাধ্য হ'ব। উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ চুপাৰমাৰ্কেট সমূহত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে। চৰকাৰৰ এই সিদ্ধান্তক বহুতেই সমালোচনা কৰাৰ লগতে বিষয়টো বিতৰ্কৰ মাজলৈ সোমাই গৈছে।

ইফালে দীৰ্ঘ বিৰতিৰ মূৰত আত্মপ্ৰকাশ কৰা আন্না হাজাৰেকো আকৌ বহুতেই তেওঁৰ এই সিদ্ধান্তৰ বাবে সমালোচনা কৰিছে। কৃষক আন্দোলন, নাগৰিকত্ব সংশোধনি আইনকে ধৰি দেশত বিগত সময়ত যিবোৰ গণ আন্দোলন গঢ়লৈ উঠিছিল সেই আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ লগতে সেই বিষয়ে নিজৰ মুখ বন্ধ কৰি ৰখা আন্নাক আকৌ বহুতেই বিজেপি চৰকাৰৰ এজেণ্ট বুলিও সমালোচনা কৰিছে।

দেশত সৃষ্টি হোৱা মূল্যবৃদ্ধিকে ধৰি সকলো জটিল সমস্যাৰ সময়ত নিজৰ চকু, মুখ, কাণ বন্ধ কৰি মহাৰাষ্ট্ৰৰ অবিজেপি চৰকাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰি আন্নাই বিজেপিৰ এজেণ্ট হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে বুলিও চৰ্চা চলিছে। বহুতেই ক'বলৈ আৰম্ভ কৰিছে অত্যাৱশ্যকীয়া সামগ্ৰী, ইন্ধনৰ মূল্যবৃদ্ধিৰে জনতা জুৰুলা হলেও, সাম্প্ৰদায়িক পৰিৱেশৰে সমাজত বিভাজন সৃষ্টি হ'লেও আন্নাৰ কোনো ক্ষতি নহয়। কেৱল সুৰা বিক্ৰী কৰিলেহে সমাজৰ ক্ষতি হয়। সুৰা হে এতিয়া আন্নাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়। অৱশ্যে চৰ্চা যিয়েই নচলক কিয় আন্নাই তেওঁৰ অনশনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছত এতিয়া মহাৰাষ্ট্ৰ উদ্ধৱ ঠাকৰে চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে নে নকৰে সেইয়া হ'ব লক্ষ্যণীয়।