/asomiyapratidin/media/media_files/2024/11/20/fyBvOaWHCg148soBKua4.jpg)
ডিজিটেল ডেস্কঃ এক অপূৰণীয় ক্ষতি। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুৰ প্ৰাণ প্ৰতিষ্ঠাতা অনন্ত বৰা আৰু নাই। বাৰ্ধক্যজনিত কাৰণত চিৰ তৰুণ ব্যক্তিগৰাকীৰ আজি মৃত্যুৰ ওচৰত হাৰ মানে। বুধবাৰে ১১.৩৫বজাত শেষ নিশ্বাস ত্যাগ কৰে এই পুৰোধা ব্যক্তিগৰাকীয়ে।
প্ৰয়াত অনন্ত বৰা আছিল তেওঁ আছিল বৈঠালাংছুৰ শিক্ষা ক্ষেত্ৰৰ এগৰাকী পুৰোধা ব্যক্তি। শ্বিলঙত কৰ্মৰত অৱস্থাত থকা সময়তে ডেৰাডুনত আই এ এচ বিষয়াৰ ভাষা বিষয়ক প্ৰশিক্ষকৰূপে নিযুক্তি লাভ কৰিও সেইয়া ত্যাগ কৰি পশ্চিম কাৰ্বি আংলঙত বিদ্যালয় স্থাপনত আত্মনিয়োগ কৰিছিল এই অনন্ত বৰাই ।
তেওঁৰ ঐক্যান্তিক প্ৰচেষ্টাতে প্ৰাণ পাইছিল বৈঠালাংছুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৈঠালাংছুৰ জাতীয় বিদ্যালয়। দুয়োখন শিক্ষানুষ্ঠানৰে তেওঁ আছিল প্ৰতিষ্ঠাতা। এইগৰাকী মহান ব্যক্তিৰ মৃত্যু ৰাজ্য তথা কাৰ্বি আংলঙৰ বৌদ্ধিক- বিদ্যায়তনিক সমাজৰ বাবে অপূৰণীয় ক্ষতি।
মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ আৰু দুগৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জীয়ৰী আৰু দুজন জোঁৱাইসহ নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায় ৷