আৰম্ভ হৈছে এনাজৰীৰ বঁটা প্ৰদান অনুষ্ঠান…

আৰম্ভ হৈছে এনাজৰীৰ বঁটা প্ৰদান অনুষ্ঠান…

author-image
asomiyapratidin
New Update
আৰম্ভ হৈছে এনাজৰীৰ বঁটা প্ৰদান অনুষ্ঠান…

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে কৰ্ম নিৰ্ধাৰণ কৰি জন্ম লাভ কৰা অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে এই ক্ষেত্ৰসমূহত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে এক বিশেষ মাত্ৰাৰে প্ৰদান কৰি আহিছে "এনাজৰী বঁটা"।সেই অনুসৰি ২৪ জুলাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বহু কেইজন বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এনাজৰী বঁটা।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰাপকসকলৰ লগতে উপস্থিত আছে অভিনেতা নিপন দাস, সংগীত শিল্পী দ্বীপেন বৰুৱা, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী আদি।