/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-11-53-24.jpg)
ডিজিটেল সংবাদ,লামডিংঃ আঁচনি উন্নয়নৰ নামত এতিয়াও বঞ্চিত ৰাজ্যৰ বহু লোক। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চালি জাৰি চালে এনে বঞ্চিত দৰিদ্ৰ লোকৰ নামেৰে তালিকা ভৰি পৰিব।
লামডিং সমষ্টিৰ পূব লামডিং পঞ্চায়তৰ অধীনত থকা মূৰাবস্তি অঞ্চলৰ প্ৰায় ৯০ বছৰীয়া দুৰ্গী থাপা নামৰ এগৰাকী মহিলা আজিও চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। অতিকে দৰিদ্ৰ বৃদ্ধা গৰাকীয়ে বিগত বহছৰে ৰ'দে-বৰষুণে নিজৰ জুপুৰিটে জীবন নিৰ্বাহ কৰি আহিছে।
এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, নির্বাচনৰ প্ৰাকমুহূৰ্তত জনপ্ৰতিনিধিয়ে তেওঁৰ ভোট বিচাৰি অহা লগতে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি যায়। কিন্তু নিৰ্বাচন যোৱা পাছত সেই প্ৰতিশ্ৰুতি সমূহ বাস্তবত প্ৰতিফলিত নহয়।
উক্ত গাঁওখনতেই জন্মগ্ৰহণ কৰি তাতেই দীৰ্ঘ সময়ছোৱা বসবাস কৰি থকা ৯০ বছৰীয়া দুৰ্গী থাপাই আজিকোপতি অৰুণোদয়, চৰকাৰী ঘৰ আনকি এখন ৰেচন কার্ড চৰকাৰৰ ফালৰ পৰা পাবলৈ সক্ষম নোহোৱাত ক্ষোভ প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us