যোৰহাটৰ প্ৰতিভাবান যুৱক, ছাত্ৰনেতা অতিক উজ জামানৰ মৃত্যুত শোক

যোৰহাটৰ প্ৰতিভাবান যুৱক, ছাত্ৰনেতা অতিক উজ জামানৰ মৃত্যুত শোক

ডিজিটেল সংবাদ, টীয়কঃ যেতিয়া আনৰ বিপদৰ সময়ত সকলো প্ৰকাৰৰ সহায় কৰা মানুহজন নাইকিয়া হৈ যায় সেইসময়ত নিৰ্দিষ্ট অঞ্চলটোৰ বাবে হোৱা ক্ষতি অঞ্চলটোৰ লোকসকলেহে অনুমান কৰিব পাৰে। তেনে মৃত্যু মানিবলৈ বহু টান যি মৃত্যুৰ বাবে টীয়কৰ বহু যুৱকৰ হাতৰ শিকলি এৰাই যোৱাৰ দৰে হ'ল। টীয়কৰ এজন উদ্যমী যুৱক, সফল ব্যৱসায়ী তথা আমছুৰ যোৰহাট জিলাৰ সম্পাদক অতীক উজ জামানে ৩৩ বছৰ বয়সত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয়। কাকজান পুৰণি গাঁৱৰ নিবাসী, অঞ্চলটোৰ সকলোৰে প্ৰিয় যুৱক, বহু সামাজিক অনুষ্ঠানৰ লগত জড়িত আটিক উজ জামান ১৬ মাৰ্চত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল।

তাৰ পিছতে ২৩ মাৰ্চত আৰোগ্য হৈ ঘৰলৈ আহিছিল যুৱকজন। পৰৱৰ্তী সময়ত পুনৰ তেওঁ অসুস্থ হোৱাত যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ অৱস্থাত মৃত্যু হয়। যুৱ নেতা গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনৰ নিৰীক্ষণত তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী ৭ বছৰীয়া কন্যা সন্তান এৰি থৈ যায়।

তেখেতৰ মৃত্যুত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাৱাল কৰিম চৰকাৰ, ঐক্য সেনা অসম, আছুৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু নেওগ, সাংবাদিক সুৰক্ষা মঞ্চ অসম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকজন আঞ্চলিক সমিতি, পূব যোৰহাট প্ৰেছ ক্লাব, কাকজান শাখা সাহিত্য সভা, কাকজান শাখা সাহিত্য সন্মিলনী, আলোক সন্ধানী মঞ্চ, উজনি অসম সাঁচি কৃষক ব্যৱসায়ী সন্থা, কাকজান ইদগাহ সমিতি, টীয়ক সমষ্টি যুৱ কংগ্ৰেছ, কাকজান সন্মিলিত যুৱ সমাজ, পুৰণি গাঁও মছজিদ পৰিচালনা সমিতিৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in