/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/623865db-7a24-440a-bbce-2f51f63cec76/water.jpg)
ডিজিটেল সংবাদ, নগাঁও : বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ চৰকাৰী ভাৱে নগাঁৱত হাতত লোৱা হৈছিল এখন বৃহৎ প্ৰকল্প ৷ প্ৰায় ২৩৯ কোটি টকা ব্যয়ৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে নগাঁৱত হাতত লোৱা হৈছিল এই প্ৰকল্পটি ৷
কিন্তু ২৩৯ কোটি টকীয়া এই পানী যোগানৰ এই প্ৰকল্পৰ পানী কেতিয়া খাবলৈ পাব তাক লৈ এতিয়া প্ৰশ্ন উঠিছে ৷ ২০১৯ চনৰ পহিলা মাৰ্চত নগাঁও চহৰত এই প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰা হৈছিল ৷ জানিব পৰা মতে, এই প্ৰকল্পটিৰ প্ৰস্তুতিৰ নিৰ্ধাৰিত সময় ইতিমধ্যেই পাৰ হৈ গৈছে ।
২০১৯ চনত আধাৰ শিলা স্থাপন কৰি ২৩৯ কোটি টকা ব্যয়েৰে প্ৰকল্পটিৰ কাম ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছিল ৷ কিন্তু তিনি বছৰ পাৰ হোৱাৰ পিছটো বিশুদ্ধ খোৱা পানী প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠা নাই ৷ 'অমৰুত আচনিৰ' অধীনত নিৰ্মাণ কাৰ্য চলা এই বৃহৎ প্ৰকল্পটোৰ কামত বিলম্ব হোৱাত প্ৰশ্ন উঠিছে ২৩৯ কোটি টকীয়া পানী নগাঁও বাসীয়ে খাবলৈ কেতিয়া পাব ৷
বহিৰাগত ঠিকাদাৰ কোম্পানীৰ দ্বাৰা পানী যোগানৰ কাম চলা প্ৰকল্পটোত পৰিলক্ষিত হৈছে ঠিকাদাৰে কামত হেমাহি কৰা ৷ যাৰ বাবে ইতিমধ্যেই এটি প্ৰতিষ্ঠানক নিৰ্মাণ কাৰ্য্যৰ দ্বায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ এপটিচা ইঞ্জিনিয়াৰিঙ নামৰ কোম্পানী টোক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত পুনৰ ৱাপকাচ ইণ্ডিয়া লিমিটেড নামৰ আন এটি কোম্পানীক বৰ্তমান কাম কৰিবলৈ দিয়া হৈছে ৷ যদিও প্ৰকল্পৰ কাম যেনেদৰে আগবাঢ়িব লাগিছিল তেনে দৰে আগবঢ়া পৰিলক্ষিত হোৱা নাই ৷
নগাঁও চহৰৰ ৯.২২ বৰ্গ কিলোমিটাৰ এলেকা সামৰি বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এই প্ৰকল্পটো হাতত লোৱা হৈছিল ৷ এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে নগাঁও চহৰবাসীয়ে বিশুদ্ধ খোৱা পানীৰ সমস্যা কিছু পৰিমাণে দূৰ হ’ব ৷