পূৰ্বে কৰা সন্দেহেই সঁচা হ'ল ! অসম অশান্ত হোৱাৰ পথত...

author-image
Asomiya Pratidin
New Update
পূৰ্বে কৰা সন্দেহেই সঁচা হ'ল ! অসম অশান্ত হোৱাৰ পথত...

ডিজিটেল ডেস্ক : খালিস্তানৰ দাবীত সমগ্ৰ পাঞ্জাৱ উত্তাল হৈ থকাৰ মাজতেই গোপনে ডিব্ৰুগড়লৈ অনা হৈছিল ৱাৰিছ দে' পাঞ্জাৱৰ চাৰিজনকৈ শীৰ্ষস্থানীয় নেতাক । ডিব্ৰুগড় বিমান বন্দৰৰ নিৰাপত্তা ব্যৱস্থা হঠাৎ কটকটীয়া কৰি তোলাৰ বাবে প্ৰথমে কৰা এই সন্দেহ পাছত সত্যলৈ ৰূপান্তৰিত হয় । প্ৰথম অৱশ্যে এইবুলিও সন্দেহ কৰা হৈছিল যে এই চাৰিগৰাকী কাৰাবন্দীৰ মাজত আছিল অমৃতপাল সিঙো । পাছত কিন্তু অমৃতপাল সিং এতিয়াও পলাতক অৱস্থাতেই আছে ।

Advertisment

কিন্তু এই চাৰি গৰাকী কাৰাবন্দীক অসমলৈ স্থানান্তৰিত কৰোতেই সন্দেহ কৰা হৈছিল যে কাৰাবন্দীসকলৰ মুক্তিৰ দাবীত অসমতো কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব পাৰে অথবা আন কোনো ধৰণৰ বেআইনী কাৰ্যকলাপো সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব পৰা নাযায় ।

অৱশেষত যেন সেই দিশেই গতি কৰিছে অসমৰ সামগ্ৰিক পৰিৱেশ । বাতৰি অনুসৰি, অমৃতপাল সিঙৰ খুৰাকে পাঞ্জাৱৰ পৰা পলায়ন কৰি অসমত প্ৰৱেশ কৰিছে । তেনেস্থলত আগন্তুক সময়ছোৱাত অসমৰ পৰিস্থিত উত্তাল হোৱাৰ পূৰ্বেই ৰাজ্যৰ প্ৰশাসনে কোনো পদক্ষেপ লোৱা উচিত ।

Also Read: হঠাৎ বৃদ্ধি কৰা হ'ল ডিব্ৰুগড় বিমানবন্দৰৰ নিৰাপত্তা, পঞ্জাৱৰ পৰা কোনো গুৰুতৰ অপৰাধীক কৰা হ'ব স্থানান্তৰ

Assam police