মহাষ্টমীত পুৱাই মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে

মহাষ্টমীত পুৱাই মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে

author-image
asomiyapratidin
New Update
মহাষ্টমীত পুৱাই মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে

ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। কামাখ্যা মন্দিৰ দর্শন কৰিয়ে মা কামাখ্যাৰ আশীষ লয় বিজেপি নেতাজনে।

Advertisment

উল্লেখ্য যে ২৮ নৱেম্বৰৰ পৰা মিজোৰামত বিধানসভাৰ নিৰ্বাচন। এই অনুসৰি নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। বিজেপিৰ হৈ প্ৰচাৰ চলাবৰ বাবে বুধবাৰে মিজোৰামলৈ ৰাওনা হোৱাৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। তেওঁৰ এই ভ্ৰমণৰ বাবে মঙলবাৰে নিশা আহি উপস্থিত হৈছিলহি গুৱাহাটীত।

নিশাটো গুৱাহাটীৰ আৱৰ্ত ভৱনত কটাইছিল অমিত শ্বাহে। তাৰ পৰাই পুৱা তেওঁ কামাখ্যা মন্দিৰলৈ গৈছিল। অমিত শ্বাহক সংগ দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহ কামাখ্যাত উপস্থিত হোৱাৰ লগে যথেষ্ট সংখ্যক বিজেপি সমৰ্থকেও মন্দিৰ প্ৰাংগনত ভিৰ কৰে।