উত্তৰ-পূবত সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ বাবে কংগ্ৰেছে কেতিয়া কাম কৰা নাছিলঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

উত্তৰ-পূবত সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ বাবে কংগ্ৰেছে কেতিয়া কাম কৰা নাছিলঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

author-image
asomiyapratidin
New Update
হিউষ্টনত অনুষ্ঠিত হাউডি মোডী কাৰ্যসূচীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া…

ফাইল ফটো

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নেডাৰ বৈঠকত অংশ লয়। নেডাৰ এই বৈঠকত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে- 'উত্তৰ-পূবত যিমান সন্ত্ৰাসবাদ বিয়পিছিল, তাক কেতিয়াও সমাধান কৰিবলৈ চেষ্টা নকৰিলে কংগ্ৰেছে। তাৰ বিপৰীতে এই সমস্যা আৰু বৃদ্ধি কৰাৰ বাবেহে কাম কৰিছিল যাতে তেওঁলোকেই ইয়াত শাসনত থাকিব পাৰে।'

গৃহমন্ত্ৰী শ্বাহে লগতে কয়-নগালেণ্ড ভাৰতৰ অংশ। নগালেণ্ডৰ প্ৰতিজন নাগৰিকৰ সমগ্ৰ ভাৰতৰ সম্পূৰ্ণ অধিকাৰ আছে।আটাইকেইখন ৰাজ্যই ভাৰতৰ অভিন্ন অংগ। এই ভাৱমূৰ্তি প্ৰতিজন মানুহৰ মাজত গঢ়িবলৈউত্তৰ-পূবত কংগ্ৰেছৰ শাসন আঁতৰোৱাৰ বহুতেই প্ৰয়োজন আছিল।

'মই বহুত সুখী যে, মোৰ নেতৃত্বতমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্য নেতাসকলে মিলি নেডাৰ যি বীজ ৰোপন কৰিছিলো, সেয়াএক বৃহৎ বৃক্ষৰ ৰূপ লৈ এতিয়া সমগ্ৰ উত্তৰ-পূবক ছাঁ দিছে।'- এনেদৰে মন্তব্য কৰেগৃহমন্ত্ৰী অমিত শ্বাহে।