টাৰ্গেট অসম বিধানসভাৰ উপাধ্যক্ষ! কোনোমতেহে ৰক্ষা পৰিল আমিনুল হক লস্কৰ…

টাৰ্গেট অসম বিধানসভাৰ উপাধ্যক্ষ! কোনোমতেহে ৰক্ষা পৰিল আমিনুল হক লস্কৰ…

author-image
asomiyapratidin
New Update
টাৰ্গেট অসম বিধানসভাৰ উপাধ্যক্ষ! কোনোমতেহে ৰক্ষা পৰিল আমিনুল হক লস্কৰ…

ডিজিটেল সংবাদ, শিলচৰঃ দ্বিতীয়বাৰৰ বাবে পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ গুৱাহাটীৰ পৰা উভতি আহোতে বুধবাৰে আবেলি মেঘালয়ৰ নংপুত সংঘটিত এক পথ দুৰ্ঘটনাত আমিনুল হক লস্কৰৰ এছক'ৰ্ট বাহনখন পথৰ পৰা এটি নলাত পৰি যায়৷ কোনো দুস্কৃতিকাৰীয়ে যান বাহন ডকাইতি কৰা আৰু ৰিকোভাৰী ক্ৰেনৰ ব্যৱসায় কৰাৰ উদ্দেশ্যে শ্বিলং-গুৱাহাটীৰ ৰাষ্ট্ৰীয় পথৰ নংপুত পথৰ ওপৰত ডিজেল পেলাই থৈছিল৷ এই ডিজেলৰ ওপৰেৰে আহোতেই এচক'ৰ্ট বাহনখন দুৰ্ঘটনাৰ কৱলত পৰে৷ ইফালে, এছক'ৰ্ট বাহনৰ আগত গৈ থকা উপাধ্যক্ষৰ বাহন আৰু পাইলট বাহন দুখন কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে৷

দুৰ্ঘটনাগ্ৰস্ত বাহনত থকা উপাধ্যক্ষৰ দুজন দেহৰক্ষী আহত হয়৷ ঘটনাক কেন্দ্ৰ কৰি আচৰিত হৈ উপাধ্যক্ষসহ পাইলট বাহনৰ দেহৰক্ষীসকল বাহনৰ পৰা নামি আহি আহত দেহৰক্ষী দুজন আৰু চালকক উদ্ধাৰ কৰে৷ আহত দেহৰক্ষী মনোজ কুমাৰ নাথ আৰু এবাদুৰ ৰহমানক লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ অৱশ্যে, বাহনখনৰ চালকজন আঘাতপ্ৰাপ্ত হোৱা নাই৷ ইফালে, উপাধ্যক্ষ আমিনুল হক লস্কৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া অনুসৰি তেওঁ গুৱাহাটীত অনুষ্ঠিত কৃষি বিভাগৰ এক অনুষ্ঠান শেষ কৰি মেঘালয়ৰ মাজেৰে শিলচৰলৈ আহি আছিল৷

নংপুৰ পৰা ৫-৬ কিলোমিটাৰ পাৰ হোৱাৰ পিছতে এছক'ৰ্ট বাহনখন দুৰ্ঘটনাৰ কৱলত পৰে৷ ৰাষ্ট্ৰীয় পথটোৰ জন শূণ্য এলেকাত দুস্কৃতিকাৰীয়ে ডিজেল পেলাই পথটোৰে যাতায়ত কৰা বাহনসমূহ দুৰ্ঘটনাগ্ৰস্ত কৰি পথৰ দাতিত পেলাই দিয়া বুলি সন্দেহ আমিনুল হকৰ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ অধিক ধনৰ বিনিময়ত ৰিকোভাৰী ক্ৰেনৰ জৰিয়তে উদ্ধাৰ কৰি এই দুস্কৃতিকাৰীসকলে যাত্ৰী সকলক হাৰাশাস্তি কৰাৰো অভিযোগ আমিনুল হক লস্কৰৰ৷

অৱশ্যে, তেওঁ ভাগ্যৰ বলত কোনোমতে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱাত নেদেখাজনক ধন্যবাদ জনায়৷ ইফালে, পথত ডিজেল পেলাই অসম, মিজোৰাম, মণিপুৰ আৰু মেঘালয়ৰ যাত্ৰী সকলক দুৰ্ঘটনাৰ মাজলৈ ঠেলি দি বুজণ পৰিমাণৰ ধন আদায় কৰা বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলিও সদৰী কৰে আমিনুল হক লস্কৰে৷ উল্লেখ্য যে, যোৱা বছৰ উত্তৰ প্ৰদেশতো এক পথ দুৰ্ঘটনাৰ কৱলত পৰি কোনো মতে ৰক্ষা পৰিছিল আমিনুল হক লস্কৰ৷