/asomiyapratidin/media/media_files/2025/03/31/CGo07mnv71i3vqpI6eLB.jpg)
আদৰ্শ খেতিয়ক অমৰ বসুমতাৰী
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল-শালবাৰী গাঁৱৰ স্নাতক উত্তীৰ্ণ এগৰাকী আদৰ্শ খেতিয়ক অমৰ বসুমতাৰী। বসুমতাৰীয়ে অন্যান্য শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ দৰে চাকৰিৰ পিছে ধাৱমান নহৈ পৈতৃক কৃষিভূমিত আৰম্ভ কৰিছিল কৃষিকাৰ্য্য । গতানুগতিক কৃষি পদ্ধতিৰ সলনি সম্পূৰ্ণ আধুনিক কৃষি পদ্ধতিৰে কৃষিকাৰ্য্য কৰি অমৰ বসুমতাৰী এতিয়া নিজে আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লগতে বহু পুৰুষ মহিলাক কৰ্মসংস্থান দি আছে ।
বৰ্তমান সময়ত জিলাখনৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এগৰাকী আদৰ্শ খেতিয়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অমৰ। এইগৰাকী আদৰ্শ খেতিয়ক অমৰ বসুমতাৰীয়ে নিজৰ কৃষিকৰ্মত কোনো ধৰনৰ ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰে। তাৰ বিপৰীতে নিজেই উৎপাদন কৰা জৈৱিক সাৰ বা কীটনাশক ব্যৱহাৰ কৰি ষ্ট্ৰবেৰি আৰু তৰমুজৰ খেতি কৰি বছৰি আয় কৰে ৩০ ৰ পৰা ৩৫ লাখ টকা।
কৃষি বিভাগৰ তৰফৰ পৰা অমৰ বসুমতাৰীয়ে জাপানলৈ গৈ জৈৱিক সাৰ প্ৰস্তুতকৰণৰ তিনিমহীয়া প্ৰশিক্ষণ লৈ নিজ গৃহতে জৈৱিক সাৰ প্ৰস্তুত কৰি জৈৱিক কৃষিক্ষেত্ৰখনত এক নতুন সেউজ বিপ্লৱ আনিবলৈ সক্ষম হৈছে । জিলা কৃষি বিভাগৰ ক্ষেত্ৰ বিষয়া অৰুণ সাহাই অমৰ বসুমতাৰী সন্দৰ্ভত কয় যে, অন্যান্য শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ দৰে চৰকাৰী চাকৰিৰ পিছে ধাৱমান নহৈ ২০১৯ চনৰ পৰা নিজৰ পৈতৃক ভূমিত আৰম্ভ কৰিছিল ষ্ট্ৰবেৰীৰ খেতি। তেওঁ প্ৰথম বৰ্ষতে যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হৈছিল। কিন্তু ২০২০ চনত কোৰোণা কালত তীব্ৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতো অমৰ বসুমতাৰীয়ে হাৰ মনা নাছিল । সেই সময়ছোৱাত চিৰাং জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বিটিচিৰ কৃষি বিভাগে যথেষ্ট সঁহাৰি আগবঢ়াইছিল আৰু আগলৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগ আগবঢ়াইছিল ।
তাৰ পিছত অমৰ বসুমতাৰীয়ে আৰু পিছলৈ চাব লগা হোৱা নাছিল । সেই গৰাকী অমৰ বসুমতাৰী এতিয়া কৃষিকাৰ্য্যৰ জড়িয়তে নিজকে আৰ্থিক দিশত স্বাৱলম্বী হৈ আন ১০জনৰ বাবে মুকলি কৰিছে সংস্থাপনৰ বাট। এই বছৰ জৈৱিক পদ্ধতিৰ ষ্ট্ৰবেৰী খেতিৰ পৰা প্ৰতিদিনে উৎপাদন হয় ২৫০ পৰা ৩০০ কিলোগ্ৰাম সুস্বাদু ষ্ট্ৰবেৰী। অমৰ বসুমতাৰীৰ এই ষ্ট্ৰবেৰী খেতিৰ পৰা ষ্ট্ৰবেৰী সংগ্ৰহ কৰাৰ লগতে পেকেজিঙৰ কামত প্ৰতিদিনে দহ গৰাকী মহিলাই কাম কৰে । অমৰ বসুমতাৰীৰ এই জৈৱিক পদ্ধতিত উৎপাদিত ষ্ট্ৰবেৰী বজাৰত যথেষ্ট সমাদৰ লাভ কৰা বুলি অমৰ বসুমতাৰীয়ে সদৰি কৰে।
অমৰে প্ৰতিদিনে চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা আৰু গুৱাহাটীত ষ্ট্ৰবেৰী ৰপ্তানি কৰে। তদুপৰি চুবুৰীয়া ৰাষ্ট্ৰ ভুটানতো তেখেতৰ জৈৱিক পদ্ধতিত উৎপাদিত ষ্ট্ৰবেৰীৰ যথেষ্ট চাহিদা আছে আৰু প্ৰতিদিনে কেইবা কুইণ্টল ষ্ট্ৰবেৰী ভূটানৰ গেলেফু চহৰত ৰপ্তানি কৰা হয়। এতিয়া ব্যবসায়ী সকলে অমৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ উৎপাদিত কৃষি সামগ্ৰী ক্ৰয় কৰি বজাৰত লৈ যায় বুলি জানিবলৈ দিয়ে ।
অমৰ বসুমতাৰীৰ এই ব্যবসায় ভিত্তিক কৃষিকাৰ্য্য আৰু আনৰ বাবে আদৰ্শ হৈ পৰিছে। তেখেতক বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা সম্বৰ্ধনা আৰু পুৰষ্কৃত কৰা হৈছে । আদৰ্শ খেতিয়ক অমৰ বসুমতাৰীৰ এই কৃষিকাৰ্য্যৰ যাত্ৰাত বিটিচি প্ৰশাসনৰ কৃষি বিভাগ আৰু কাজলগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ যথেষ্ঠ অৰিহণা আছে বুলি অমৰ বসুমতাৰীয়ে অকপটে স্বীকাৰ কৰে।