নলবাৰীত দেশপ্ৰাণ নগেন শৰ্মাৰ মৃত্যু বাৰ্ষিকী আৰু আলোচনা চক্ৰ

নলবাৰীত দেশপ্ৰাণ নগেন শৰ্মাৰ মৃত্যু বাৰ্ষিকী আৰু আলোচনা চক্ৰ

author-image
asomiyapratidin
New Update
নলবাৰীত দেশপ্ৰাণ নগেন শৰ্মাৰ মৃত্যু বাৰ্ষিকী আৰু আলোচনা চক্ৰ

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী নগেন শৰ্মাৰ ঊনবিংশতিতম মৃত্যু দিৱস যোৱা বুধবাৰে  বাহজানীৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন, আবক্ষ মূৰ্তিত মাল্যাৰ্পনৰ পিছতে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

সভাত প্ৰয়াত নগেন শৰ্মাৰ সহধৰ্মিনী অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অলকা শৰ্মা, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ থানেশ্বৰ শৰ্মা, ড০ বীৰেণ চক্ৰৱৰ্তী, শিক্ষাবিদ ৰাধানাথ কলিতাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপষ্ঠিত থাকে।

আনহাতে মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত 'সাম্প্ৰতিক সময়ত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা' শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিধায়ক সত্যব্ৰত কলিতাই উদ্ধোধন কৰা আলোচনা চক্ৰখন সঞ্চালনা কৰে অগপৰ জেষ্ঠ নেতা দীলিপ পাটগিৰীয়ে। আলোচনা চক্ৰখনত অংশ গ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন আৰু জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে।