মহিলা সৱলীকৰণৰ নামত চৰকাৰী পুঁজিৰ লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতাত নামিছে কোনে?

মহিলা সৱলীকৰণৰ নামত চৰকাৰী পুঁজিৰ লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতাত নামিছে কোনে?

ডিজিটেল সংবাদ,গহপুৰ: মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ কাৰণে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰহণ কৰি আহিছে। এই পদক্ষেপ গহপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ হেলেম অঞ্চলত পৰিণত হৈছে লুণ্ঠনৰ মুকলি বজাৰলৈ।

উল্লেখযোগ্য যে,গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ যি খন কাৰ্য্যকৰী কমিটি আছে সেইখন কাৰ্য্যকৰী কমিটি ২০১৯ চনতে গঠন হোৱা কমিটি।বিধি অনুসৰি-অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ প্ৰতি বছৰে বাৰ্ষিক সভা আৰু হিচাপ পৰীক্ষা হোৱাৰ লগতে প্ৰতি বছৰে নতুন কাৰ্য্যকৰী কমিটি গঠন হ'ব লাগে। কিন্তু হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ বৰ্তমানৰ কাৰ্য্যকৰী কমিটিখনে সকলো নীতি নিয়ম ভৰিৰে মোহাৰি চৰকাৰী পুজিঁ ৰূপায়ণৰ নামত সংঘটিত কৰি আহিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম।

২০১৯ চনৰ পৰা একেগৰাকী সভানেত্ৰী,উপ সভানেত্ৰী,সাধাৰণ সম্পাদিকা,সহকাৰী সম্পাদিকা,বুক কিপাৰৰ নেতৃত্বত পৰিচালিত হৈ অহা কাৰ্য্যকৰী কমিটিখনে বিশেষকৈ বাৰ্ষিক সাধাৰণ সভা আৰু হিচাপ পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন হৈছে। এনেকৈয়ে মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলক ৰাম ঠগন দি অহাৰ অভিযোগ গৰিষ্ঠ সংখ্যক সদস্যাই মুকলিকৈ উত্থাপন কৰিছে।

জানিব পৰামতে-হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ অধীনত টকৌবাৰী,গমিৰি, হেলেম, কাৰিবিল আৰু মিছামাৰী গাঁও পঞ্চায়তৰ প্ৰায় এহেজাৰ আত্মসহায়ক গোটৰ প্ৰায় ১০ হাজাৰ সদস্যা আছে।এই গোট সমূহৰ বাবে বিভিন্ন চৰকাৰী আঁচনিৰ পুঁজি উক্ত কাৰ্য্যকৰী কমিটিৰ অসম গ্ৰামীণ বিকাশ বেংক চন্দামাৰী শাখাত থকা বেংক একাউণ্টৰ জৰিয়তে লেনদেন হয়।

সভানেত্ৰী কাকলী বৰা আৰু সাধাৰণ সম্পাদিকা লীলা দেৱীৰ যুটীয়া স্বাক্ষৰত পৰিচালিত হৈ অহা উক্ত বেংক একাউণ্টৰ লেন দেন সম্পৰ্কে প্ৰতিগৰাকী গোটৰ সদস্যাই জনাটো নীতিগত কথা। কিন্তু উক্ত কাৰ্য্যকৰী কমিটিখনে পৰিকল্পিত ভাবে বাৰ্ষিক সভা আৰু হিচাপ পৰীক্ষা নকৰি প্ৰতি বছৰে লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ এতিয়া সকলোৰে মুখে মুখে উচ্ছাৰিত হৈছে।

অভিযোগ অনুসৰি-উক্ত কাৰ্য্যকৰী কমিটিখনে আত্মসহায়ক গোটৰ প্ৰশিক্ষণ, পৰিচালনা, সামুহিক বিনিয়োগ পুঁজি বিতৰণ, বিভিন্ন শিতানৰ অৰ্থনৈতিক লেনদেন,কৃষি প্ৰশিক্ষণ আদি বিভিন্ন দিশ তদাৰক কৰাৰ সুবিধা লৈ বছেৰেকীয়া হিচাপ দাখিল নকৰি ২০১৯ চনৰ পৰা লুটৰাজ চলাই আহিছে।জানিব পৰা মতে-চৰকাৰী ভাবে আবণ্টিত পুঁজি সম্পৰ্কে ২০১৯ চনৰ পৰা তথ্য সহকাৰে গম নাপাই গৰিষ্ঠ সংখ্যক গোটৰ সদস্যাই।

মহিলা সবলীকৰণৰ বাবে আবণ্টিত পুঁজিক সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰি অহা উক্ত কাৰ্য্যকৰী কমিটিখনে কাৰ্য্যলয়ৰ বাবে ক্ৰয় কৰা কম্পিউটাৰ, প্ৰিণ্টাৰ,চকী,ফেন আৰু চাউণ্ড চেষ্টেমৰ বিষয়েও একেবাৰে অজ্ঞ গৰিষ্ঠ সংখ্যক গোটৰ সদস্যা। ভাউছাৰ আৰু ৰছিদ মেনেজ কৰি কাগজে কলমে খৰছৰ হিচাপ শুদ্ধ কৰি ৰখাত সিদ্ধহস্ত উক্ত কাৰ্য্যকৰী কমিটিখনে ২০০ খন চকী ভাড়াত দি ভাড়াৰ টকা সংগ্ৰহ কৰি আহিছে যদিও এই বিষয়ে কিন্তু একো নাজানে গোটৰ সদস্যা কিম্বা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী-সম্পাদিকা সকলে।

উল্লেখযোগ্য যে একেখন কাৰ্য্যকৰী কমিটিয়ে বছৰ বছৰ ধৰি নীতি বহি:ভূত ভাবে কাৰ্য্য পৰিচালনা কৰি অহাৰ বাবে উদ্ভৱ হোৱা বাদ বিবাদৰ অৱসান ঘটাবলৈ যোৱা ২১ নবেম্বৰত উক্ত কাৰ্য্যকৰী কমিটিখনে কৌশলগত ভাবে নিজা কাৰ্য্যলয়ত এখন সভা আহ্বান কৰে। কিন্তু এই সভাত পুনৰ আগৰ কমিটিখনকে বাহাল ৰখাৰ ব্যৱস্থা কৰে।

উক্ত সভাত ৪২ টা গ্ৰাম্য সংগঠনৰ ৮৪ গৰাকী সভানেত্ৰী-সম্পাদিকাৰ ঠাইত মাত্ৰ ৪২ গৰাকীহে উপস্থিত আছিল।এক তৃতীয়াংশ সভানেত্ৰী-সম্পাদিকা উপস্থিত নথকাকৈয়ে সম্পূৰ্ণ নীতিবিৰূদ্ধভাৱে তেওঁলোকে কৌশলগত ভাবে ভোট দানৰ ব্যৱস্থাৰে বিষয় বাচনি কৰি আগৰ কমিটিখনকে বাহাল ৰাখে।

আচৰিত কথা এয়ে যে উক্ত ভোটদান প্ৰক্ৰিয়াত উক্ত কাৰ্য্যকৰী কমিটিখনৰ সভানেত্ৰী,উপ সভানেত্ৰী, সাধাৰণ সম্পাদিকা, সহকাৰী সম্পাদিকা আৰু বুক কিপাৰেও নিজৰ নিজৰ ভোট নিজৰ নিজৰ সমৰ্থনত প্ৰদান কৰে।যিটো কাৰ্য্য তেওঁলোকৰ অধিকাৰৰ বাহিৰৰ।উল্লেখযোগ্য উক্ত কাৰ্য্যকৰী কমিটিখনে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰা, মাস্ক তৈয়াৰ কৰা, যাতায়তী খৰছ,সভা আয়োজনৰ খৰছ,টকৌবাৰী গাঁও পঞ্চায়তত মহিলা বজাৰ স্থাপন,গমিৰি গাঁও পঞ্চায়তত বিকলাংগ স্কুল স্থাপন কৰাৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উথাপন হৈছে।

শেহতীয়া ভাবে মহিলা আত্মসহায়ক গোট সমূহক সমবায় ৰেজিষ্ট্ৰেছনৰ কাৰণে চৰকাৰী ভাবে পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ বাবে গ্ৰাম্য সংগঠনৰ ৪২ গৰাকী সদস্যক লৈ এখন কমিটি গঠন কৰিব লাগে যদিও উক্ত কাৰ্য্যকৰী কমিটিখনে গ্ৰাম্য সংগঠনক গুৰুত্ব নিদি চল-চাতুৰীৰে চি.এল.এফৰ কমিটিখনকে বাহাল ৰখাৰ ব্যৱস্থা কৰে।

অভিযোগ অনুসৰি-হেলেম মণ্ডল পৰ্য্যায়ৰ কমিটিখনে নিজ খেয়াল খুচিমতে কাৰ্য্য পৰিচালনা কৰাৰ আঁৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিশ্বনাথ জিলাৰ জিলা আঁচনি সমন্বয়ক হাবিবুল্লা আহমেদৰ সম্পূৰ্ণ আৰ্শীবাদ আছে।এগৰাকী আঁচনি সমন্বয়কৰ বাবেই এতিয়া দুৰ্নীতি অনিয়মৰ থলীলৈ পৰিণত হৈছে হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ মজিয়া।উক্ত কাৰ্য্যকৰী কমিটিখনৰ জৰিয়তে হাবিবুল্লা আহমেদৰ জেপলৈয়ো দুৰ্নীতিৰ ধন যায় বুলি অভিযোগত প্ৰকাশ পাইছে।

২০১৪ চনৰ পৰা একেটা স্থানতে কাৰ্য্যনিৰ্বাহ কৰি অহা জিলা আঁচনি সমন্বয়ক হাবিবুল্লা আহমেদক অতি শীঘ্ৰে বদলিৰ দাবী জনাইছে প্ৰতিবাদী সদস্যা সকলে।তদুপৰি হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ কাৰ্য্যকৰী কমিটিখনৰ ওপৰত ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰাৰ দাবী উথাপন কৰি সমগ্ৰ বিষয়টো বিশ্বনাথ জিলাৰ উপায়ুক্ত ডাঃ নেহা যাদৱ আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিবাদী সদস্যা সকলে। ৫ জনীয়া হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ কাৰ্য্যকৰী কমিটিখনৰ ওপৰত এক চৰকাৰী তদন্ত হ'লে যোৱা ৫ বছৰত লাখ লাখ টকাৰ কেলেংকাৰী ধৰা পৰাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে ভুক্তভোগী সদস্যা সকলে।

মহিলা সৱলীকৰণৰ নামত চৰকাৰী পুঁজিৰ লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতাত নামিছে কোনে?
 ৰাষ্ট্ৰীয় বেডমিন্টনত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বেদাগ্নি আৰু আৰোছক শিৱসাগৰত বিপুল সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in