/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/papu.png)
ডিজিটেল সংবাদ, ছয়দুৱাৰ:-আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰাৰ ফলত বাওঁ ভৰিত গুলীবিদ্ধ হোৱা এটিএম চুৰি কাৰ্যৰ অভিযুক্ত গহপুৰৰ কুখ্যাত অপৰাধী কমল গগৈ(৩১) ওৰফে পাপু গগৈ ওৰফে কেশৱ গগৈৰ আন এক কলংকিত অধ্যায় আজি পোহৰলৈ আহিছে।
গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও নিবাসী বাবুল গগৈৰ পুত্ৰ কমল ওৰফে পাপু গগৈয়ে লখিমপুৰ জিলাৰ অন্তৰ্গত ধলপুৰৰ এগৰাকী বিধৱা মহিলাক বিয়াৰ প্ৰলোভনেৰে চাৰিমাহৰ অন্ত:সত্বা কৰি প্ৰতাৰণা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। সোমবাৰে এই বিষয়ে গহপুৰ আৰক্ষী থানাত কমল ওৰফে পাপু গগৈৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পুৰ্বৰ চিনাকি সূত্ৰে পাপু গগৈ তেওঁৰ ধলপুৰৰ ঘৰলৈ প্ৰায় গৈছিল।তাৰ পিছত পাপু গগৈয়ে তেওঁক বিয়া পতাৰ প্ৰস্তাৱ দিয়ে।লগতে তেওঁক বিয়া পাতি নিলে তেওঁৰ একমাত্ৰ কন্যা গৰাকীকো লগতে লৈ যাব বুলি প্ৰতিশ্ৰুতি দিয়ে পাপু গগৈয়ে।
অভাৱ-অনাটনৰ মাজেৰে দিন-ৰাতি পাৰ কৰি অহা দৰিদ্ৰ পৰিয়ালটোৰ মহিলাগৰাকীয়ে পাপু গগৈৰ কথাত আশ্বস্ত হৈ পাপুক বিশ্বাসত ল'বলৈ লয়।ইয়াৰ সুযোগ গ্ৰহণ কৰি পাপু গগৈয়ে মহিলাগৰাকীৰ লগত শাৰিৰীক সম্পৰ্ক কৰি তেওঁক অন্ত:সত্বা কৰি পৰবৰ্তী সময়ত তেওঁৰ লগত সম্পৰ্ক বিচ্ছেদ কৰে।ইয়াৰ উপৰি ভুক্তভোগী মহিলা গৰাকীয়ে আৰু কয় যে ২০২১ চনৰ মাৰ্চ মাহত তেওঁৰ একমাত্ৰ কন্যা গৰাকীক পাপু গগৈয়ে ফুৰাবলৈ অনাৰ ছলেৰে তেওঁক নিৰুদ্দেশ কৰি পেলাই।
এই বিষয়ে কন্যা গৰাকীক উলিয়াই দিবলৈ তেওঁ বাৰম্বাৰ অনুৰোধ কৰি আহিছিল যদিও বন্দুকেৰে গুলীয়াই মৰাৰ ভাবুকি দি আজিলৈকে কন্যা গৰাকীক উলিয়াই নিদিলে পাপু গগৈয়ে।ভুক্তভোগী মহিলা গৰাকীয়ে পাপু গগৈ গুলীবিদ্ধ হোৱাৰ খবৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰি আজি তেওঁ গহপুৰ আৰক্ষী থানাত উপস্থিত হৈ পাপুৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিত গহপুৰ আৰক্ষী থানাত ৪৭/২০২২ নম্বৰত (376/493/366-A IPC)এটা গোচৰ পঞ্জীয়ন কৰাৰ কথা সংবাদ মেল যোগে সদৰী কৰে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তই।