ঢকুৱাখনাত "সঞ্জীৱনী ফাৰ্ষ্ট এইড নাৰ্ছিং ট্রেইনিং চেণ্টাৰ"ৰ  বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

উদ্যোগ বিহীন ঢকুৱাখনা মহকুমাৰ গ্ৰাম্য দৰিদ্ৰ যুৱতী সকলক নাৰ্ছিং প্ৰশিক্ষণ প্ৰদানৰ নামত সঞ্চিত পুঁজি সংগ্ৰহ কৰি লুণ্ঠনৰ বেহা চলাই অহাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত "সঞ্জীৱনী ফাৰ্ষ্ট এইড নাৰ্ছিং ট্রেইনিং চেণ্টাৰ"ৰ  বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: উদ্যোগ বিহীন ঢকুৱাখনা মহকুমাৰ গ্ৰাম্য দৰিদ্ৰ যুৱতী সকলক  নাৰ্ছিং প্ৰশিক্ষণ প্ৰদানৰ নামত সঞ্চিত পুঁজি সংগ্ৰহ কৰি লুণ্ঠনৰ বেহা চলাই অহাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখনা নগৰৰ মাজ মজিয়াত "সঞ্জীৱনী ফাৰ্ষ্ট এইড নাৰ্ছিং ট্রেইনিং  চেণ্টাৰ" নামৰ  নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। 

Advertisment

উত্থাপিত অভিযোগ অনুসৰি চৰকাৰী স্বীকৃতি প্ৰাপ্ত বুলি প্ৰচাৰ চলাই এই নাৰ্ছিং কেন্দ্ৰটো খুলি কেন্দ্ৰটোৰ নিৰ্দেশক নিভা ৰাণী দত্ত তামুলীয়ে বিগত বহু বছৰ ধৰি নিবনুৱা গ্ৰাম্য যুৱতী সকলক স্বনিয়োজনৰ সহায়ক হোৱাকৈ নাৰ্ছিং প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।  প্ৰায় ১৬ টা মাহৰ প্ৰণালীবদ্ধ নাৰ্ছিং প্ৰশিক্ষণ প্ৰদানৰ বিপৰীতে এই কেন্দ্ৰটোৰ  নিৰ্দেশক দত্তই এক ভয়ংকৰ জালিয়াতিপূৰ্ণ  বেহা চলাই অহাটো শেহতীয়া ভাবে পোহৰলৈ আনিছে একাংশ প্ৰবঞ্চিতই ।

কেন্দ্ৰটোৰ মুঠ ১১গৰাকী নিয়মীয়া প্ৰশিক্ষাৰ্থীয়ে সংবাদ মাধ্যম, ঢকুৱাখনা সদৰ থানা, ঢকুৱাখনা মহকুমাধিপতি আৰু কাৰ্যবাহী দণ্ডাধীশক দিয়া ৰাজহুৱা লিখিত অভিযোগ উত্থাপন কৰিছে। সেই অনুসৰি  কেন্দ্ৰটোৰ নিৰ্দেশিকা গৰাকীয়ে নাম ভৰ্তিৰ সময়ত দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰী পঞ্জীয়নভুক্ত আৰু স্বীকৃতি প্ৰাপ্ত এই কেন্দ্ৰত প্ৰশিক্ষণ লৈ উত্তীৰ্ণ হলে  চৰকাৰী নিযুক্তি লাভ কৰাৰ লগতে উত্তীৰ্নৰ পাছত  চিকিৎসা বিভাগৰ পঞ্জীয়নভুক্ত প্ৰমাণ পত্ৰ লাভ কৰি স্ব নিয়োজনৰ পথত আগুৱাব পাৰিব।

সেই আশ্বাসত আশ্বস্ত হৈ কেন্দ্ৰটোত গৰিষ্ঠ সংখ্যক  নিবনুৱা যুৱতীয়ে নামভৰ্তি সময়ত  ১হাজাৰ ৫২০ টকা আদায় দিযাৰ লগতে প্ৰতি মাহে ৫০০ টকা , প্ৰেক্টিকেলৰ বাবদ ৯০০ টকা আৰু "লেট ফাইন"ৰ নামটো ১০০ টকা প্ৰদান কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল।

কিন্তু এই প্ৰশিক্ষণ কাল সমাপ্তিৰ পাছত প্ৰশিক্ষাৰ্থী সকলক প্ৰদান কৰা প্ৰমাণ পত্ৰ আৰু মাৰ্কশ্বিতত  চৰকাৰী স্বীকৃতি আৰু পঞ্জীয়ন নম্বৰ নথকা বিষয়টো ধৰা পৰে। এই সন্দৰ্ভত কেন্দ্ৰটোৰ নিৰ্দেশিকা দত্তক প্ৰশ্ন কৰাত প্ৰশিক্ষাৰ্থী সকলক  পতিয়ন যোৱাকৈ সুদুত্তৰ নিদিয়াত ক্ষুব্ধ প্ৰশিক্ষাৰ্থী সকলে বিষয়টো ঢকুৱাখনাৰ মহকুমাধিপতি , সংবাদমাধ্যম আৰু ঢকুৱাখনা সদৰ থানাত  অৱগত কৰে।

প্ৰতাৰিত প্ৰশিক্ষাৰ্থী সকলৰ একাংশই উপায়ন্তৰ হৈ ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত  এক গোচৰ ৰুজু কৰে। ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬ /৪২০ ধাৰাত  পঞ্জীভূত গোচৰ  ( নং-১৭৩ /২০২২)ৰ তদন্ত ঢকুৱাখনা সদৰ থানাৰ জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ মেধিয়ে  ইতিমধ্যে আৰম্ভ কৰিছে।

ইপিনে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ ৰিমা কৌশিকৰ জৰিয়তেও এই  স্পৰ্শকাতৰ অভিযোগ সন্দৰ্ভত তদন্ত চলোৱা বুলি জানিব পৰা গৈছে। দৰিদ্ৰ নিবনুৱা যুৱতী সকলক নাৰ্ছিং প্ৰশিক্ষণ প্ৰদানৰ নামত উত্থাপিত এই গুৰুতৰ অভিযোগৰ সত্য সত্যতা প্ৰশাসন আৰু আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। 

ইপিনে প্ৰবঞ্চিত প্ৰশিক্ষিত নাৰ্ছ সকলে থানাত সাক্ষ্য দিয়া মতে চৰকাৰী চাকৰিত মকৰল কৰাৰ বাবে এই প্ৰতিষ্ঠানৰ প্ৰমাণ পত্ৰ সহায়ক হব বুলি নিশ্চয়তা প্ৰদান কৰি নিবনুৱা সকলক  আকৰ্ষিত কৰাৰ বাবে কেন্দ্ৰটোত নামভৰ্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

ইয়াৰে এগৰাকী প্ৰশিক্ষাৰ্থীয়ে অসম আৰক্ষীৰ কমাণ্ডু বাহিনীত নাৰ্ছিং শিতানৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তিৰ বাবে নিৰ্বাচিত হৈছিল যদিও  অসম আৰক্ষীৰ নিযুক্তি কৰ্তৃপক্ষই প্ৰমাণ পত্ৰ পৰীক্ষণৰ কালত কেন্দ্রটোৱে  প্ৰদান কৰা ক্ৰুটিপূৰ্ণ  প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নহয় বুলি কোৱাত এতিয়া দিক হাৰা হৈ  প্ৰশিক্ষাৰ্থী গৰাকীয়েও ঢকুৱাখনা  আৰক্ষীক ন্যায় বিচাৰি গোচৰ দিছে। 

assam dhakuakhana