/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-03-at-9.06.53-AM.jpeg)
ডিজিটেল সংবাদ, পাঠশালা: যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ কথা কৈ আহিছে তেনে সময়তে মুখ্যমন্ত্ৰীৰ কথাত ভেঙুচালি কৰি বজালী জিলাৰ ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক লীলিমা দাসে সপ্তাসৰ দুদিনহে কাৰ্যলয়ত উপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমতি আৰু বিভিন্ন দল সংগঠনে বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও কোনো কেৰেপ নকৰে ভৱানীপুৰ স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক গৰাকী।
যি সময়ত মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী সকলে অন্য জিলালৈ উপায়ুক্তৰ অনুমতি নহোৱাকে যাব নোৱাৰে বুলি কৈছিল সেই সময়ত এইগৰাকী উপাধক্ষই কাৰ বলত বলিয়ান হৈ গুৱাহাটীৰ পৰা অহা যোৱা কৰে সেয়া এক ডাঙৰ প্ৰশ্ন ইয়াৰ পিছত ও বিভাগীয় কতৃপক্ষৰ লগতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কি ব্যবস্থা লয় সেয়া হʼব লক্ষণীয় ।
আৰু পঢ়ক: আশ্ৰয় দাঁতাৰ ঘৰতে লক্ষাধিক মূল্যৰ আ- অলংকাৰ চুৰি যুৱতীৰ…